বৰপেটাৰোড, 27 জানুৱাৰীঃ সোমবাৰে বৰপেটাৰোডত আয়োজিত এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে বড়ো শান্তি চুক্তিক উষ্ম আদৰণি জনায় ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে ৷ ৰাজনাথ সিঙ গৃহমন্ত্ৰী হৈ থকাৰ সময়তে অসমত এনডিএফবি ৰ বিৰুদ্ধে অল ক্লিয়াৰ অপাৰেচন চলাইছিল ৷ বৰ্তমান এন ডি এফ বিৰ চাৰিটা গোটে অস্ত্ৰ সম্বৰণ কৰিছে বুলি উল্লেখ কৰি আগন্তুক দিনত আৰু বাৰশ সন্ত্ৰাসবাদীয়ে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিব বুলি জনায় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷
পৰেশ বৰুৱাক হিংসা বৰ্জন কৰি আলোচনাৰ মেজলৈ অহাৰ আহ্বান ৰণজিৎ কুমাৰ দাসৰ - পৰেশ বৰুৱা
ৰাজনাথ সিঙ গৃহমন্ত্ৰী হৈ থকাৰ সময়তে অসমত এনডিএফবি ৰ বিৰুদ্ধে অল ক্লিয়াৰ অপাৰেচন দিছিল ৷ বৰ্তমান এন ডি এফ বিৰ চাৰিটা গোটে অস্ত্ৰ সম্বৰণ কৰিছে বুলি উল্লেখ কৰি আগন্তুক দিনত আৰু বাৰশ সন্ত্ৰাসবাদীয়ে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিব বুলি জনায় ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷
![পৰেশ বৰুৱাক হিংসা বৰ্জন কৰি আলোচনাৰ মেজলৈ অহাৰ আহ্বান ৰণজিৎ কুমাৰ দাসৰ Ranjit das asks Paresh baruah To come for peace discussion](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5863390-thumbnail-3x2-b.jpg)
পৰেশ বৰুৱাক হিংসা বৰ্জন কৰি আলোচনাৰ মেজলৈ অহাৰ আহ্বান ৰণজিৎ কুমাৰ দাসৰ
ৰণজিৎ কুমাৰ দাসৰ সাক্ষাৎকাৰ
এই চুক্তিৰ জৰিয়তে বড়ো কৃষ্টি সংস্কৃতি বিকাশৰ লগতে বড়ো সকলৰ আন্তঃগাথনি বিকাশ হ’ব বুলি উল্লেখ কৰি কয় অন্য জনগোষ্ঠীৰ মানুহেও এই চুক্তিকলৈ শংকিত হ’ব নালাগে বুলি কয় ৰণজিৎ কুমাৰ দাসে ৷ অসমৰ লগতে ভাৰতবৰ্ষৰ ভাৰতীয় হিচাপে বড়ো সকলে বসবাস কৰাৰ বাবে যি প্ৰস্তাৱ লৈছে তাৰবাবে বড়ো নেতৃত্বকো ৰণজিৎ কুমাৰ দাসে ধন্যবাদ জ্ঞাপন কৰে ৷ ইয়াৰোপৰি ভুমিহীন এক লাখ খিলঞ্জীয়া পৰিয়ালৰ ভিতৰত চল্লিছ হাজাৰ খিলঞ্জীয়া পৰিয়ালৰ লোকক ভূমি পাট্টা বিতৰণক কথাও ঘোষণা কৰে সভাপতি গৰাকীয়ে ৷
ৰণজিৎ কুমাৰ দাসৰ সাক্ষাৎকাৰ