জনীয়া,12 এপ্ৰিল : বৰপেটা জিলাৰ কলগাছিয়াত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ দেওবাৰে কলগাছিয়া প্ৰেছ ইউনিয়নৰ উদ্যোগত অনুষ্ঠিত হয় ‘শিল্পী সম্বৰ্ধনা আৰু গীতে মাতে বহাগক আদৰণি’ শীৰ্ষক এক অনুষ্ঠানৰ ৷ উক্ত বৰ্ণাঢ্য অনুষ্ঠানত বিহুনৃত্য, বিহুগীতেৰে উখল-মাখল পৰিৱেশ সৃষ্টি কৰাৰ লগতে প্ৰবীণ শিল্পী খন্দকাৰ ছাদুল্লাহ আখফাৰ, আব্দুল কদ্দুচ তালুকদাৰ, গণশিল্পী ইউছুফ আলী আৰু বিশিষ্ট নাট্যকাৰ তথা গীতিকাৰ ছায়েদ আলীক অনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷
কলগাছিয়াত বহাগক আদৰণি অনুষ্ঠানৰ আয়োজন - বৰপেটা
দেওবাৰে কলগাছিয়া প্ৰেছ ইউনিয়নৰ উদ্যোগত ‘শিল্পী সম্বৰ্ধনা আৰু গীতে মাতে বহাগক আদৰণি’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন ৷ অসমীয়া সাংস্কৃতি সমৃদ্ধিশালী কৰাৰ প্ৰয়াস প্ৰেছ ইউনিয়নৰ ৷
বহাগক আদৰণি অনুষ্ঠান
অনুষ্ঠানটোৰ জৰিয়তে সাম্প্ৰদায়িকতাক বিদায় কৰি সমন্বয়, সম্প্ৰীতি আৰু শান্তিৰ বাতাবৰণ সৃষ্টি কৰাৰ লগতে অসমীয়া সাংস্কৃতি সমৃদ্ধিশালী কৰাৰ প্ৰয়াস কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷
লগতে পঢ়ক :চিৰাঙত চলিছে ৰংজালী বৈশাগুক আদৰাৰ প্ৰস্তুতি