জনীয়া,৯ জুন:মঙলবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলে হাঁহি বিৰিঙালে বহুতৰে মুখত(HSLC results 2022) । সমান্তৰালভাৱে বৰপেটা জিলাতো বহুকেইজন মেধাবী ছাত্ৰ-ছাত্ৰীয়ে গৌৰৱ কঢ়িয়ালে বহুকেইখন বিদ্যালয়লৈ । একেদৰে কলগাছিয়াৰ ব্যক্তিগত শিক্ষানুষ্ঠান কলগাছিয়া পাব্লিক স্কুলৰ ছাত্ৰ আলিমুল ইছলাম আলহাদিয়ে জনীয়া সমষ্টিৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি কঢ়িয়ালে গৌৰৱ ।
ছাত্ৰগৰাকীক লৈ উৎফুল্লিত হৈ পৰিছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকলো । আলিমুল ইছলাম আলহাদিয়ে লাভ কৰে ৯৬.৫% শতাংশ নম্বৰ । কেৱল আলহাদিয়েই নহয় কলগাছিয়া পাব্লিক স্কুলে লাভ কৰে ৫ টা ডিষ্টিংশ্বন আৰু ৪ টা ষ্টাৰ ।
যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে কলগাছিয়া পাব্লিক স্কুলৰ পৰা নৱজ্যোতি মহাবিদ্যালয় হৈ ছাত্ৰ-ছাত্ৰীক এই অঞ্চলৰ ৰাইজক পৰিচয় কৰাই দিয়াৰ বাবে এখন ৰেলী উলিয়াই । পৰৱৰ্তী বৰ্ষসমূহতো এই ধাৰা অক্ষুন্ন থাকিব বুলি বিদ্যালয়খনৰ পৰিচালক আব্দুল বাৰেক খানে জানিবলৈ দিয়ে ।