নতুন নাট্য়বৰ্ষৰ শুভাৰম্ভণি কৰিলে ৰাজমুকুট থিয়েটাৰে - নাট্যকাৰ ভাস্কৰ বৰ্মনৰ "বাক্যবান"
থিয়েটাৰৰ শুভাৰম্ভণিৰ লগতে ভ্ৰাম্যমানৰ জন্ম লগ্নৰ শিল্পী প্ৰমোদ ৰয়ক অচ্যুত লহকৰ বঁটা প্ৰদান

পাঠশালাত ৰাজমুকুট থিয়েটাৰৰ শুভাৰম্ভণি
পাটাছাৰকুছি,19 আগষ্টঃনাট্যনগৰী পাঠশালাত এতিয়া থিয়েটাৰৰ বতৰ ৷ দেওবাৰে পাঠশালাত নতুন নাট্যবৰ্ষৰ শুভাৰম্ভ কৰে ৰাজমুকুট থিয়েটাৰে ৷ আনুষ্ঠানিকভাৱে কালি নাট্যবৰ্ষ উদ্বোধন কৰি শুভাৰম্ভ কৰে সংগীত নাটক একাডেমী বঁটা প্ৰাপ্ত ৰামকৃষ্ণ তালুকদাৰে ৷ ইয়াৰ মাজতে ৰাজমুকুট থিয়েটাৰে কালি মঞ্চত প্ৰদান কৰে অচ্যুত লহকৰ সোৱঁৰণী বঁটা ৷ ভ্ৰাম্যমান থিয়েটাৰৰ জন্ম লগ্নৰ চিত্ৰশিল্পী প্ৰমোদ তালুকদাৰক প্ৰদান কৰা হয় অচ্যুত লহকৰ সোৱঁৰণী বঁটা ৷
পাঠশালাত ৰাজমুকুট থিয়েটাৰৰ শুভাৰম্ভণি