বৰপেটা, 3 এপ্ৰিল :তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে মুছলমান প্ৰীতিৰে গদ গদ হোৱা দেখা গৈছে বিজেপিৰ নেতা কৰ্মী সকলক ৷ কিয়নো তৃতীয় পৰ্যায়ৰ বিশেষ কেইটামান সমষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে মুছলমান ভোটাৰ তথা সংখ্যালঘু ভোটাৰে ৷
"মুছমান মানে নহয় কোনো এআইইউডিএফ অথবা কংগ্ৰেছী ৷ এই লৈ প্ৰমাণ আছে বিজেপিৰ হাতত ৷ বৰক্ষেত্ৰীৰ নাৰায়ন ডেকা, কৰিমগঞ্জৰ কৃপানাথ মাল্লাৰ দৰে বিজেপি নেতা সকলক সংখ্যালঘু ভোটাৰেহে ভোট দি জিকাইছে ৷ কোনো সংখ্যালঘু লোকে এইবাৰ এআইইউডিএফক ভোট নিদিয়ে ৷" নিৰ্বাচনী প্ৰচাৰৰ মাজতে সাংবাদিকক সম্বোধন কৰি এইদৰে মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷
লগতে আজমলৰ প্ৰসংগ টানি আনি সাংসদ আজমলে নামনি অসমৰ কোচ-ৰাজবংশীৰ লোক সকলৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি আনিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে ৰঞ্জিত দাসে ৷ তেওঁ কয়, আজমলে দেশীয় মুছমান লোক সকলৰ ৰাজনৈতিক অধিকাৰ কাঢ়িছে ৷ 1951 চনৰ পৰা ধুবুৰী লোকসভা সমষ্টিত দেশী মুছমান সকল সাংসদ হৈ আহিছে ; কিন্তু যোৱা 15 বছৰত চিলেটীয়া মূলৰ মানুহ এজনেহে তাত জয়লাভ কৰিছে ৷ আওপকিয়াকৈ জিলাখনৰ স্থানীয় মুছলমান সকলৰ ৰাজনৈতিক অধিকাৰ বদৰুদ্দিন আজমলে কাঢ়ি লৈছে বুলি এক চাঞ্চল্যকৰ অভিযোগ তোলে সভাপতি ৰঞ্জিত দাসে ৷