মক্কাত কৃত্ৰিম বানৰ সন্মুখীন হজযাত্ৰী - মক্কাত বৰষুণ news
মক্কাত যোৱা দুদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানৰ মাজতো হজযাত্ৰী সকলে সম্পন্ন কৰে হজৰ কাম
![মক্কাত কৃত্ৰিম বানৰ সন্মুখীন হজযাত্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4134484-thumbnail-3x2-makkah.jpg)
জনীয়া, 14 জুলাই : মক্কাত যোৱা দুদিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে । মিনাৰ ৰাস্তা- ঘাটৰ কোনো কোনো ঠাইত একাঠু পানী হোৱাত যাতায়তৰ ক্ষেত্ৰত বিশ্বৰ লাখ লাখ হজযাত্ৰী সামান্য অসুবিধাত পৰে যদিও শান্তি পূৰ্ণভাৱে সম্পন্ন হয় হজৰ কাম । এইক্ষেত্ৰত মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা সহায় কৰাৰ ব্যৱস্থা কৰা হৈছে অসমৰ হজযাত্ৰী সকলক । যোৱা ৯ আগষ্টৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা হজব্ৰত পালনৰ আজি অন্তিম দিনাও বৰষুনক নেওচি চয়তানক শিল নিক্ষেপ কৰা পৰিলক্ষিত হয় ৷ বৰষুণ আৰু কৃত্ৰিম বানপানীৰ মাজতো অসমৰ আটাইকেইজন হজযাত্ৰী সংকট মুক্ত বুলি জানিব পৰা গৈছে । লগতে জানিব পৰা গৈছে অসমৰ প্ৰথমটো হজযাত্ৰীৰ দল মক্কাৰ জেদ্দা বিমানবন্দৰৰ পৰা অহা ১৭ আগষ্টত ৰাওনা হব গুৱাহাটী অভিমুখে ।