অসম

assam

ETV Bharat / state

বৰপেটাৰোডত ৰেলৰ টিকটসহ আটক কৰে এজন দালাল

বৰপেটাৰোড ৰেলৱে আৰক্ষীয়ে ৰেলৰ টিকটসহ আটক কৰে এজন দালালক ৷ আটকাধীন দালালজনৰ নাম ৰমেশ দাস ৷

By

Published : Jul 5, 2019, 6:46 AM IST

বৰপেটাৰোডত ৰেলৰ টিকটসহ আটক কৰে এজন দালাল

বৰপেটা, 5 জুলাই : বৰপেটাৰোডৰ ৰেলৱে আৰক্ষীৰ উপ পৰিদৰ্শক বিক্ৰম সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত বৃহস্পতিবাৰে সন্ধিয়া সৰভোগ ৰেলৱে ষ্টেচনৰ পৰা আটক কৰে ৰমেশ দাস নামৰ দালালটোক ৷ আটকাধীন দালালটোৰ পৰা আৰক্ষীৰ দলটোৱে 9 হাজাৰ টকাৰ চাৰিটা ৰেলৱে টিকট উদ্ধাৰ কৰে ৷ গুৱাহাটীৰ পৰা পশ্চিমবঙ্গৰ কামাখ্যাগুৰীলৈ বিভিন্ন ৰেলৱে ষ্টেচনৰ পৰা ৰেল যাত্ৰীৰ টিকট অধিক দামত বনাই মুনাফা লুটি আহিছিল দালালটোৱে ৷

বৰপেটাৰোডত ৰেলৰ টিকটসহ আটক কৰে এজন দালাল

ৰমেশ দাসৰ ঘৰ পশ্চিমবঙ্গৰ বীৰভুমত ৷ বৰ্তমান চিৰাঙৰ বাসুগাঁৱত ভাৰাতীয়া হিচাপে থাকি যুৱকজনে ৰেলৱে টিকটৰ দালালি কৰি আহিছিল ৷ সম্প্ৰতি বৰপেটাৰোডৰ ৰেল আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৰমেশ দাসৰ ৷

ABOUT THE AUTHOR

...view details