বৰপেটা, ৫ জানুৱাৰী :সমাগত বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত ৰাজ্য়ৰ বিভিন্ন দলৰ নিৰ্বাচনকেন্দ্ৰিক বিশেষ সভা অথবা কাৰ্যকলাপ আৰম্ভ হৈছে । অসমৰ ৰাজনীতিত নতুনকৈ গজালি মেলা ৰাইজৰ দলটোও পিছপৰি থকা নাই । মঙলবাৰে বৰপেটা জিলাত আঞ্চলিক দলটোৰ এক বিশাল ৰাজহুৱা সভাৰ আয়োজন কৰা হয় । বাঘবৰ বিধানসভা সমষ্টিৰ মন্দিয়াত দলটোৰ কমিটী গঠনৰ বাবে আয়োজন কৰা হয় এই সভাৰ । সভাত সভাপতিত্ব কৰে ৰাইজৰ দলৰ চানক্য ডেকাই । সভাত ৰাইজৰ দলৰ ৰাজ্যিক আহবায়ক মনিৰুজ জামান ,জেৰিফা ওৱাহিদ,সমন্বয়ক সম্বিদ শৰ্মা,বৰপেটা জিলা কমিটিৰ ৰাইজৰ দলৰ মূখ্য আহ্বায়ক গুণজিৎ শৰ্মা,ৰাইজৰ দলৰ জিলা সাধাৰণ সম্পাদক ৰফিকুল ইছলাম,কৃষক মুক্তিৰ জিলা সাধাৰণ সম্পাদক কাজী নাজিমুল হকসহ বিভিন্নজনে দলটোৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ।
বৰপেটাৰ মন্দিয়াত 'ৰাইজৰ দল'ৰ বিশাল ৰাজহুৱা সভা - RAIJOR_DOL
মঙলবাৰে বৰপেটা জিলাত আঞ্চলিক 'ৰাইজৰ দল'ৰ এক বিশাল ৰাজহুৱা সভাৰ আয়োজন কৰা হয় । ৰাইজৰ দলৰ বিশাল জনসভাত ৰাইজৰ সঁহাৰিয়ে বিধান সভা নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDF দলৰ প্ৰাৰ্থী প্ৰত্যহ্বানৰ সম্মুখীন হ'ব বুলি দলৰ কৰ্মী সকলে দাবী কৰে ।
বৰপেটাৰ মন্দিয়াত 'ৰাইজৰ দল'ৰ বিশাল ৰাজহুৱা সভা
দলটোৰ নেতৃবৃন্দই বিজেপিৰ লগতে আন দলৰ সমালোচনা কৰাৰ লগতে আগন্তুক দিনত তেওঁলোকৰ দলটো সদায় ৰাইজৰ লগত থাকিব বুলি মন্তব্য় কৰে । ৰাইজৰ দলৰ বিশাল জনসভাত ৰাইজৰ সঁহাৰিয়ে বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু AIUDF দলৰ প্ৰাৰ্থী প্ৰত্যহ্বানৰ সম্মুখীন হ'ব বুলি ৰাইজৰ দলৰ কৰ্মী সকলে দাবী কৰে ।
লগতে পঢ়ক :মৰিগাঁৱত নকল গড়ৰ খড়গ জব্দঃ আটক এজন