বৰপেটা, 7 ফেব্ৰুৱাৰী :বাঘবৰৰ বিধায়কৰ পিচত এইবাৰ বেদখলকাৰীৰ পক্ষত থিয় দিলে ৰাইজৰ দলৰ লগতে কেবাটাও দলে ৷ "চৰকাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে" এই বুলি মন্তব্য কৰিলে ৰাইজৰ দলে ৷ আনকি প্ৰশাসন আৰু বৰপেটা সত্ৰ সমিতিয়ে বাৰম্বাৰ জাননী প্ৰেৰণ কৰাৰ পিচতো সত্ৰৰ ভূমিৰ পৰা আঁতৰি নোযোৱা বেদখলকাৰীসকলৰ পক্ষত অৱস্থান কৰি এতিয়া এদিন পূৰ্বে জাননী জাৰি কৰি বৰষুণৰ মাজতে উচ্ছেদ চলোৱা বুলিও ভুল বাৰ্তাৰে পৰিস্থিতি জটিল কৰি তুলিব বিচাৰিছে ৰাইজৰ দলে (Raijor Dal against eviction drive in Barpeta Satra) ৷
সোমবাৰে বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ এটা সজাতি দল 1 নং বৰদলনি গাঁৱত উপস্থিত হৈ উচ্ছেদিত পৰিয়ালসমুহক সাক্ষাৎ কৰাৰ লগতে উচ্ছেদিত লোকসকলৰ অৱস্থাৰ বুজ লয় (Raijor Dal visit evection area at Baghbar) । সজাতি দলটোৰ নেতৃত্ব লোৱা ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মনিৰুজ জামানে এই উচ্ছেদিত লোকসকলক সাক্ষাৎ কৰাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত ক্ষতিগ্ৰস্ত তথা ভূমিহীন লোকসকলক পুনৰ সংস্থাপনৰ দাবী জনায় ৷