অসম

assam

By

Published : Nov 24, 2020, 2:30 PM IST

ETV Bharat / state

তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ বিধায়ক ৰফিকুল ইছলামৰ

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে জনিয়াৰ বিধায়ক ৰফিকুল ইছলামৰ লগতে ৰূপসী ব্লক কংগ্ৰেছ কমিটিয়ে ৷

as_jania_Rafiqul_Islam_tribute_to_Tarun_Gogoi_asc10058
তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ বিধায়ক ৰফিকুল ইছলামৰ

জনিয়া,24 নৱেম্বৰঃপ্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰিছে জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে ৷ তৰুণ গগৈৰ মৃত্যু অসম মাতৃৰ বাবে এক অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ তৰুণ গগৈয়ে নিজৰ গোটেই জীৱন ৰাইজৰ সেৱাৰ বাবে উচৰ্গা কৰিছিল আৰু ইয়াক অসমবাসীয়ে সদায় স্মৰণ কৰিব বুলিও কয় বিধায়ক ৰফিকুল ইছলামে ৷

তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ বিধায়ক ৰফিকুল ইছলামৰ

ইয়াৰ উপৰিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত জনীয়াৰ ৰূপসী ব্লক কংগ্ৰেছ কমিটিয়েও শোক প্ৰকাশ কৰে ৷ উল্লেখ্য যে,সোমবাৰে বিয়লি 5.34ত জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷

লগতে পঢ়ক-কোলাত কেঁচুৱা লৈ ভূমি বিচাৰি নগাঁৱত আমৰণ অনশন মহিলাৰ

ABOUT THE AUTHOR

...view details