বৰপেটা,২৮ মাৰ্চ: চেঙা সমষ্টিত বলিছে ৰাজনৈতিক গৰম বতাহ । প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান উঠিছে তুংগত । আন আন দলৰ প্ৰাৰ্থী সমূহৰ দৰে মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ৰবিউল হুছেইনেও চলাইছে জোৰদাৰ প্ৰচাৰ অভিযান। শনিবাৰে চেঙা আৰু বহৰি ৰিজাৰ্ভত মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে । কাৰ্যালয় মুকলি কৰি প্ৰাৰ্থী গৰাকীয়ে কয়, বিজেপি আৰু অগপ দলে ঐক্যবদ্ধ ভাবে আগবাঢ়ি গৈছে ৷
ভাষণ প্ৰসংগত এআইইউডিএফ আৰু কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি ৰবিউল হুছেইনে কয়, মই চেঙা সমষ্টিৰ নেতা নহয়, বেটা ৷ কংগ্ৰেছ আৰু এআইইউডিএফ দলে মিলি যিমান ভোট লাভ কৰিব, সিমান ভোট অগপ দলে অকলে লাভ কৰিব।
চেঙা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰবিউল হুছেইন
শনিবাৰে চেঙা আৰু বহৰি ৰিজাৰ্ভত মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে । কাৰ্যালয় মুকলি কৰি প্ৰাৰ্থী গৰাকীয়ে কয়, বিজেপি আৰু অগপ দলে ঐক্যবদ্ধ ভাবে আগবাঢ়ি গৈছে ৷
চেঙা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰবিউল হুছেইন