অসম

assam

By

Published : Oct 19, 2020, 7:32 AM IST

ETV Bharat / state

ৰাজ্যিক মৰ্যদাৰে শ্বহীদ ৰবেন দাসৰ শেষকৃত্য সম্পন্ন

ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ'ল শ্বহীদ ৰবেন দাসৰ ৷ মৃতকৰ পৰিয়ালৰ ওচৰত উপস্থিত থাকিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷

শোকাকুল পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন
ৰাজ্যিক মৰ্যদাৰে শ্বহীদ ৰবেন দাসৰ শেষকৃত্য সম্পন্ন

পাঠশালা, 19 অক্টোবৰ : মানকাছাৰৰ ভাৰত-বাংলা সীমান্তত মৃত্যুক সাৱটি লোৱা অসম আৰক্ষীৰ জোৱান ৰবেন দাসৰ শেষকৃত্য সম্পন্ন হয় দেওবাৰে নিশা ৷ বীৰ আৰক্ষী জোৱানজনক শেষ বাৰলৈ চাবৰ বাবে লোকাৰণ্য হৈ পৰে তেওঁৰ বাসগৃহ ৷ দেওবাৰে সন্ধিয়া ভাগত শ্বহীদ ৰবেন দাসৰ খবৰ ল'বলৈ উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ পাটোৱাৰীৰ সৈতে উপস্থিত থাকে নামনি অসমৰ ডিআইজি দেৱজিৎ মুখাৰ্জী ৷

ৰাজ্যিক মৰ্যদাৰে শ্বহীদ ৰবেন দাসৰ শেষকৃত্য সম্পন্ন

দুয়োগৰাকীয়ে গাড়ীৰ পৰা মৃতদেহ কান্ধত কঢ়িয়াই অনাৰ লগতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ অনুসৰি বীৰ শ্বহীদ গৰাকীক ৰাজ্যিক মৰ্যদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ মৃত আৰক্ষী জোৱানজনক হাজাৰ হাজাৰ লোকে শেষ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে ৷

ৰাজ্যিক মৰ্যদাৰে শ্বহীদ ৰবেন দাসৰ শেষকৃত্য সম্পন্ন

আনহাতে,শ্বহীদ ৰবেন দাসৰ পৰিয়াললৈ 5 লাখ টকা ঘোষণা কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ অতি দুখীয়া পৰিয়ালৰ পৰা গৈ আৰক্ষীত যোগদান কৰা ৰবেন দাসৰ মৃত্যুত সমগ্ৰ গাঁৱতে কান্দোনৰ ৰোল উঠিছে ৷

উল্লেখ্য যে,মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ মৃত্যুক সাৱটি লৈছিল ৰবেন দাসে ৷ গৰু সৰবৰাহকাৰীক খেদিবলৈ যাওঁতেই সীমান্ত অঞ্চলত থকা এটা খালত সোমাই পৰিছিল কনিষ্টবল ৰবেন দাস ৷ সাঁতুৰিবলৈ আপ্ৰাণ চেষ্টা কৰিও খালটোৰ গভীৰতা অধিক হোৱাৰ বাবে নিজৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে কনিষ্টবল গৰাকীয়ে ৷

লগতে পঢ়ক :ভাৰত-বাংলা সীমান্তত অকাল মৃত্যুক সাৱটিলে অসম আৰক্ষীৰ জোৱান

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details