অসম

assam

ETV Bharat / state

Howli Raas festival begin: বৰপেটাৰ ৯৫ সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভাৰম্ভ - Howli Raas Mahotsav

আজি পৱিত্ৰ ৰাস-পূৰ্ণিমা(Raas Purnima 2022) । শৰতৰ পূৰ্ণিমাৰ এই বিতোপন নিশা শ্ৰীকৃষ্ণৰ অনঙ্গ ৰাসক্ৰীড়া পৰিৱেশনৰ প্ৰস্তুতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে । সমান্তৰালভাৱে বৰপেটাৰ হাউলীতো সোমবাৰৰ পৰা আৰম্ভ হৈছে ৯৫ সংখ্যক ৰাস মহোৎসৱ(Howli Raas festival begin) ৷ বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে মুকলি কৰে এই ৰাস মহোৎসৱৰ ।

raas festival celebrated in barpeta
বৰপেটাৰ ৯৫ সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভাৰম্ভ

By

Published : Nov 7, 2022, 10:20 PM IST

Updated : Nov 7, 2022, 10:37 PM IST

বৰপেটা,৭ নৱেম্বৰ:শৰতৰ পূৰ্ণিমাৰ শীতল পৰিৱেশত স্বাশ্বত শ্ৰীকৃষ্ণ প্ৰেম । বিতোপন শৰতৰ জোনাক নিশা শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ৰাসক্ৰীড়াৰে মুখৰিত যমুনা তীৰৰ দৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিৰেপৰা আৰাম্ভ হৈছে ৰাস মহোৎসৱ ৷ পূৰ্ণিমা নিশাৰ ৰাস উৎসৱক লৈ ৰাজ্যৰ চৌপাশে এতিয়া উখল মাখল পৰিৱেশ (Raas Purnima 2022) । শ্ৰী কৃষ্ণৰ ভক্তি ৰসত চেমনীয়াৰ পৰা জ্যেষ্ঠজনলৈকে প্ৰতিখন সত্ৰ নামঘৰত ৰাস ভাওনাৰ প্ৰস্তুতি তুংগত (Raas festival celebrated in Assam) । ৰাজ্যখনৰ চৌদিশে কৃষ্ণ প্ৰেমৰ বন্দনাত মুখৰিত হোৱাৰ সমান্তৰালভাৱে বৰপেটাৰ হাউলীতো সোমবাৰৰ পৰা আৰম্ভ হৈছে ৯৫ সংখ্যক ৰাস মহোৎসৱ(Howli Raas Mahotsav) ৷

বিশিষ্ঠ লেখক তথা বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে মুখ্যদ্বাৰ মুকলিৰে শুভাৰম্ভ কৰে হাউলী ৰাস মহোৎসৱৰ (Howli Raas festival begin) ৷ এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে বিশিষ্ট লেখক তথা বড়ো সাহিত্য সভাৰ সভাপতিগৰাকীক আদৰি অনাৰ পিচতে তেওঁ ৰাস মহোৎসৱৰ দ্বাৰ মুকলি কৰে ৷

সোমবাৰৰ পৰা পোন্ধৰ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাস মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠানৰ মুকলি সভাত বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, পৰমানন্দ মজুমদাৰকে প্ৰমুখ্য কৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট লেখক পৰমানন্দ মজুমদাৰে ৰাস মহোৎসৱ উপলক্ষে প্ৰকাশ কৰা 'মুৰুলী' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷

বৰপেটাৰ ৯৫ সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভাৰম্ভ

ইফালে ঐতিহ্যমণ্ডিত হাউলী ৰাস মহোৎসৱ উপভোগ কৰিবলৈ আগমন ঘটে সহস্ৰাধিক লোকৰ । আটকধুনীয়া আলোকসজ্জা তথা সুন্দৰ সুন্দৰ মৃণ্ময় প্ৰতিমাসমূহ দৰ্শন কৰি আনন্দিত হৈ পৰে লোকসকল । উল্লেখ্য যে, ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদৰ আখ্যান-উপাখ্যানৰ লগতে শ্ৰীকৃষ্ণৰ লীলা সমূহৰ ওপৰত ৪ শতাধিক মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰা হৈছে এইবাৰ হাউলী ৰাস মহোৎসৱত ৷

আনহাতে, উদযাপন সমিতিয়ে জনোৱা মতে, এইবাৰৰ ৰাস মহোৎসৱৰ বাজেট প্ৰায় ১ কোটি ১৬ লাখ টকা ৷ ১৫ দিনীয়া মহোৎসৱৰ আটাইকেইদিনৰ কাৰ্যসূচীতে কমেও ৫০ লাখ ভক্ত দৰ্শনাৰ্থীৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে মহোৎসৱ উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক:Raas Purnima 2022: ৰাসৰ পোছাক বিচাৰি পোছাকৰ বিপনীত ভাৱৰীয়াৰ ভিৰ

Last Updated : Nov 7, 2022, 10:37 PM IST

ABOUT THE AUTHOR

...view details