অসম

assam

By

Published : Jun 9, 2020, 6:40 PM IST

ETV Bharat / state

বৰপেটাত কোৱাৰেন্টাইন কেন্দ্ৰ এৰি ৰাজপথলৈ ওলাই আহিল কিয় ?

বৰপেটাৰ সৰভোগত কোৱাৰেন্টাইন কেন্দ্ৰত যুৱকৰ উদ্ভণ্ডালি ৷ কোৱাৰেন্টাইন হৈ থকা যুৱকসকলৰ উদ্ভণ্ডালিত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে খুলি দিলে প্ৰৱেশ পথ ৷

Quarentine Youth Protest Against Govt At Barpeta
বৰপেটাত কোৱাৰেন্টাইন কেন্দ্ৰ এৰি ৰাজপথলৈ ওলাই আহিল কিয়?

বৰপেটা, ৯ জুনঃ বৰপেটাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা কোৱাৰেন্টাইন হৈ থকা যুৱকসকল ওলাই আহে ৷ 10/15 দিন লৈকে কোনো স্থাস্থ্য পৰীক্ষাৰ কোনো ৰিপৰ্ট নোপোৱাত ক্ষুব্ধ হৈ পৰে যুৱক সকল ৷

বৰপেটাত কোৱাৰেন্টাইন কেন্দ্ৰ এৰি ৰাজপথলৈ ওলাই আহিল কিয়?

বৰপেটাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰৰ দৃশ্য ৷ বহিঃৰাজ্যৰ পৰা অহা একাংশ যুৱকক কোৱাৰেন্টাইনত ৰখা হৈছে এই কোৱাৰেন্টাইন কেন্দ্ৰটোত ৷ কিন্তু কোৱাৰেন্টাইন কেন্দ্ৰটোৰ পৰা ওলাই আহিছে পথলৈ ৷ তাৰোপৰি কোৱাৰেন্টাইন কেন্দ্ৰটোৰ প্ৰৱেশ পথত এইদৰে সমবেত হৈ ক্ষুব্ধ হৈ পৰে যুৱকসকল ৷ তেওঁলোকৰ অভিযোগ কোৱাৰেন্টাইন হৈ থকাৰ ১৪ দিন পাৰ হৈ যোৱাৰ পিচতো তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি নিদিয়া বুলি অভিযোগ কৰে প্ৰশাসনৰ বিৰুদ্ধে ৷ আনহাতে,বহুতৰে ছোৱাব পৰীক্ষাৰ ৰিপোৰ্ট বহু দিনলৈ নোপোৱাক লৈও এনেদৰে ক্ষুব্ধ হৈ পৰে যুৱক সকল ৷

যিসময়ত কোভিড লেবৰেটৰীত প্ৰতিদিনে হাজাৰ- হাজাৰ লোকৰ ছোৱাব পৰীক্ষা কৰিবলগীয়া হৈছে,তেনেসময়ত ক্ষীপ্ৰতাৰে পৰীক্ষাৰ ৰিজাল্ট নহাতো স্বাভাৱিক ৷ কিন্তু তাকে লৈ কোৱাৰেন্টাইনত থকা একাংশই এনেদৰে উদ্ভাণ্ডালি চলাই থকা ঘটনাই ভৱিষ্যতে ভয়াৱহ ৰূপ লোৱাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ কোৱাৰেন্টাইন কেন্দ্ৰত উদ্ভণ্ডালি কৰা যুৱকসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা ল'বলৈ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- 15 জুনৰ পাছত ৰাজ্যত হ্ৰাস পাব কৰ'ণা ৰোগীৰ সংখ্যা

ABOUT THE AUTHOR

...view details