অসম

assam

ETV Bharat / state

কলগাছিয়া বজাৰৰ দোকান ছীল কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ চক্ৰ বিষয়াক

চৰকাৰে লক ডাউন কিছু শিথিল কৰাৰ সুযোগ গ্ৰহণ কৰি চৰকাৰী নীতি-নিয়ম উলংঘা কৰি ওলাই আহিছে বাহিৰলৈ ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল জনীয়াৰ কলগাছিয়াত৷ ঈদ উপলক্ষে কলগাছিয়া বজাৰত বিশেষকৈ কাপোৰৰ দোকান, জোতা-চেণ্ডলৰ দোকান আৰু ষ্টেচনাৰী দোকানত কণ-কণ ল'ৰা-ছোৱালীক লগত লৈ ভিৰ কৰিলেহি অসংখ্য লোকে ৷

Public submitted memorandum to circle officer of Kalgachia
কলগাছিয়াৰ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰেৰণ

By

Published : May 20, 2020, 5:11 PM IST

জনীয়া,20মে': সমগ্ৰ দেশৰ লগতে অসমতো দিনক দিনে বৃদ্ধি পাইছে ক'ৰণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ।কিন্তু তথাপিও যেন কোনো কাণসাৰ নাই একাংশ লোকৰ ৷ চৰকাৰে লক ডাউন কিছু শিথিল কৰাৰ সুযোগ গ্ৰহণ কৰি চৰকাৰী নীতি-নিয়ম উলংঘা কৰি ওলাই আহিছে বাহিৰলৈ ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল জনীয়াৰ কলগাছিয়াত৷ ঈদ উপলক্ষে কলগাছিয়া বজাৰত বিশেষকৈ কাপোৰৰ দোকান, জোতা-চেণ্ডলৰ দোকান আৰু ষ্টেচনাৰী দোকানত কণ-কণ ল'ৰা-ছোৱালীক লগত লৈ ভিৰ কৰিলেহি অসংখ্য লোকে ৷ফলত শংকিত হৈ পৰা দেখা গ'ল কলগাছিয়াৰ একাংশ সচেতন লোকক ৷ যাৰ পৰিপ্ৰেক্ষিতত আজি কলগাছিয়াৰ সচেতন ৰাইজ,কলগাছিয়া আঞ্চলিক কাৰবাৰী সন্থা, কলগাছিয়া গাঁও পঞ্চায়ত, কেবাটাও NGO-ক্লাব আৰু কলগাছিয়া মহকুমা সাংবাদিক সন্থাই একেলগ হৈ কলগাছিয়া বজাৰৰ কাপোৰৰ দোকান, জোতা-চেণ্ডলৰ দোকান আৰু ষ্টেচনাৰী দোকান ছীল কৰিবলৈ কলগাছিয়াৰ চক্ৰ বিষয়াক এক স্মাৰক পত্ৰ দাখিল কৰে।এই ক্ষেত্ৰত কলগাছিয়াৰ স্থানীয় প্ৰশাসন তথা বৰপেটা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।

দোকান ছীল কৰিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ চক্ৰ বিষয়াক

ABOUT THE AUTHOR

...view details