অসম

assam

ETV Bharat / state

Cattle smuggling: ৰাইজে জব্দ কৰি আৰক্ষীক গটালে 16 টা গৰু; সৰবৰাহকাৰীৰ ছত্ৰভংগ

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলাত ১৬ টাকৈ গৰু জব্দ স্থানীয় ৰাইজৰ (cattle seized at kalgachia) ৷ জব্দ কৰা গৰুকেইটা ৰাইজে আৰক্ষীক চমজাই দিয়ে ৷ অৱশ্যে আন্ধাৰৰ সুযোগ লৈ গৰু সৰবৰাহ কৰা লোক কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

By

Published : Mar 12, 2023, 8:28 AM IST

Smuggling of cattle
কলগাছিয়াত চোৰাং গৰুৰ ৰমৰমীয়া বেহা

ৰাইজে জব্দ কৰি আৰক্ষীক গটালে 16 টা গৰু

কলগাছিয়া, 12 মাৰ্চ: ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা (Cattle syndicate in assam) ৷ যি সময়ত চৰকাৰে গো-সুৰক্ষা আইন প্ৰৱৰ্তন কৰি অবাধে চলা গৰুৰ সৰবৰাহ বন্ধ কৰিছে, তেনে সময়তে ৰাজ্যত একাংশ গো-মাফিয়াই আৰক্ষীৰ চকুত ধূলি দি অব্যাহত ৰাখিছে গৰুৰ ছিণ্ডিকেট ৷ দৈনিক নহ'লেও ভিন্ন সময়ত চলিছে এই বেহা ৷ বৰপেটা জিলাৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ চকুত ধূলি দি গো-মাফিয়া চক্ৰই অব্যাহত ৰাখিছে গৰুৰ ছিণ্ডিকেট (Cattle smuggling in Assam)।

যোৱা 11 মাৰ্চ শনিবাৰে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলাত ১৬ টাকৈ গৰু জব্দ কৰে স্থানীয় ৰাইজে (smuggled cattle seized in kalgachia) ৷ নিশাৰ অন্ধকাৰৰ সুযোগ লৈ একাংশ গৰুৰ ব্যৱসায়ীয়ে বঙাইগাঁও জিলাৰ ভাণ্ডাৰা বজাৰৰ পৰা বৰপেটা জিলাৰ বাঘবৰলৈ নিয়াৰ সময়তে লাংলাত স্থানীয় ৰাইজে জব্দ কৰে গৰুকেইটা ।

জব্দ কৰা গৰুকেইটা ৰাইজে আৰক্ষীক চমজাই দিয়ে যদিও, আন্ধাৰৰ সুযোগ লৈ গৰু সৰবৰাহ কৰা লোক কেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । ৰাইজে গৰুৰ অবৈধ বেহা বন্ধ কৰাৰ লগতে ইয়াৰ লগত জড়িত থকা অসৎ ব্যৱসায়ীক কৰায়ত্ব কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে । পৰৱৰ্তী সময়ত প্ৰশাসনে গো-মাফিয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যনীয় (Smuggled cattle seized in Barpeta) ৷ গৰুকেইটা লৈ অহা লোক কেইজনে চালান দেখুৱাব পৰা নাছিল যদিও পৰৱৰ্তী সময়ত মূল ক্ৰেতাই চৰকাৰী ৰছিদ দেখুওৱা বুলি এজন লোকে জনায় ৷

উল্লেখযোগ্য যে, গৰুৰ চোৰাং বেহা আৰু গো-মাংস বিক্ৰীৰ নিষেধাজ্ঞাৰে প্ৰৱৰ্তন কৰা হৈছিল 'অসম গো সুৰক্ষা আইন 2021'(Assam Cattle Preservation Act 2021) ৷ এই আইনৰ জৰিয়তে গৰুক সুৰক্ষা দিয়াৰ লগতে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গো-মাংস বিক্ৰী কৰা লোকৰ ক্ষেত্ৰত কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ কিন্ত চৰকাৰে গৰু ছিণ্ডিকেটৰ ওপৰত যিমানেই কঠোৰ ব্যৱস্থা নলওক কিয় একাংশ গো-মাফিয়াই চৰকাৰ তথা প্ৰশাসনৰ চকুত ধূলি দি এনেদৰে আজিও অব্যাহত ৰাখিছে চোৰাং গৰুৰ বেহা । এই সন্দৰ্ভত কলগাছিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Protest at Kalgachia :কলগাছিয়াত CPI (M) আৰু কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details