জনীয়া, ১৮ জুলাই :বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত তথা সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অনিয়মীয়া বিদ্যুৎ যোগানে অতিষ্ঠ কৰি তুলিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজক । কেইবাখনো গাঁৱৰ ৰাইজে দীৰ্ঘদিন ধৰি ভুগি আহিছে বিদ্যুতৰ সমস্যাত । অন্যান্য গাঁৱৰ লগতে কলগাছিয়াৰ খৰিচালাতো বিদ্যুতৰ সমস্যাই জুৰুলা কৰিছে গাঁওখনৰ ৰাইজক ।
২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ ৩/৪ ঘণ্টাহে বিদ্যুৎ সেৱা লাভ কৰে গাঁওখনৰ বাসিন্দাই । শক্তি বিভাগৰ এনে লুকাভাকু খেলত অতিষ্ঠ হৈ পৰিছে খৰিচালাবাসীক ৷ স্থানীয় ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ বিচাৰি বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো বিদ্যুত বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে অসম চৰকাৰ হায় হায়, বিদ্যুৎ বিভাগ হায় হায়, আদি বিভিন্ন শ্লোগানেৰে তীব্র প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে(Protest at Kalgachia) ।