বৰপেটা ৰোড, ২৬ নৱেম্বৰ: বৰপেটাৰোডৰ দোমনীৰ বেঁকী নদীৰ পাৰত অব্যাহত থকা অবৈধ খনন বন্ধ কৰাৰ দাবীৰে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে (Protest against illegal sand mining in Barpeta) । দোমনীৰ শিল-বালিৰ কুৱেৰীৰ মহলদাৰ হিমাংশু দাসৰ নেতৃত্বত একাংশ অসাধু লোকে বেঁকী নৈৰ পাৰত অবৈধভাৱে খননকাৰ্য চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।
বৰপেটাৰ বন বিভাগৰ বনাঞ্চলিক বিষয়া, খণ্ড বন বিষয়াৰ লগতে বিভাগটোৰ আন বিষয়া-কৰ্মচাৰীও এই অবৈধ খনন বন্ধ কৰাত গুৰুত্ব দিয়া নাই বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । ডাম্পাৰ আৰু ট্ৰেক্টৰেৰে বৰপেটা জিলাৰ ভিন্ন স্থানলৈ সৰবৰাহ কৰা হয় অবৈধভাৱে খনন কৰা বালি ।
বেঁকী নদীত এনেদৰে জধে-মধে খনন চলোৱাৰ ফলত প্ৰতি বছৰে নৈৰ খহনীয়াত জাহ যায় বিস্তীৰ্ণ অঞ্চল । ইতিমধ্যে হাজাৰ হাজাৰ বিঘা ভূমি বেঁকী নৈৰ বুকুত জাহ গৈছে (Illegal sand mining resulted in land erosion) । সেয়ে, অঞ্চলটোৰ ৰাইজে বেঁকী নৈৰ বালিচৰত খনন কাৰ্য বন্ধ কৰিবলৈ বাৰম্বাৰ বৰপেটাৰোডৰ বন বিভাগক দাবী জনাই আহিছে । কিন্তু বিভাগীয় বিষয়াই ৰাইজৰ এই দাবী প্ৰতি গুৰুত্ব নিদি মহলদাৰৰ লগত গোপন বুজাবুজি কৰি বালি কঢ়িওৱা প্ৰতিখন ডাম্পাৰ আৰু ট্ৰেক্টৰৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷