অসম

assam

ETV Bharat / state

কালামপুৰত বেকী নদীত নামি ৰাইজৰ প্ৰতিবাদ - SDRF বাহিনীয়ে উদ্ধাৰ কৰিব নোৱাৰিলে এতিয়াও

বেকী নদীত সন্ধানহীন হোৱা পাঁচ গৰাকী ব্যক্তিক আজিলৈ প্ৰশাসনে উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত ৰাইজে সাব্যস্ত কৰিলে এই প্ৰতিবাদ | প্ৰতিবাদকাৰী সকলে মৃত ব্যক্তিৰ পৰিয়ালক বিনাচৰ্তে পাঁচ লাখকৈ টকা ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে চৰকাৰক |

কালামপুৰত বেকী নদীত নামি ৰাইজৰ প্ৰতিবাদ

By

Published : Aug 17, 2019, 6:40 PM IST

বৰপেটা,17 আগষ্টঃ কলগাছিয়াৰ কালামপুৰত বেকী নদীৰ পানীত নামি ৰাইজৰ প্ৰতিবাদ | নাও দুৰ্ঘটনাত ছয দিন ধৰি বেকী নৈত সন্ধানহীন হোৱা পাঁচ গৰাকী ব্যক্তিক প্ৰশাসনে উদ্ধাৰ কৰিব নোৱাৰাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ |

কালামপুৰত বেকী নদীত নামি ৰাইজৰ প্ৰতিবাদ

ছয়দিন ধৰি একেটা পৰিয়ালৰ ৪ জন সহ আন এজন মুঠ ৫ জন লোক নাও দুৰ্ঘটনাত ক্ৰমে, আব্দুল ছামাদ, চায়েদ আলী, একৰামুল হুছেইন, ছানিয়াৰা খাতুন আৰু নাৰ্গীচ চুলতানা সন্ধানহীন হৈছিল । SDRF বাহিনীয়ে দুদিন উদ্ধাৰ অভিযান চলায়েই দায়িত্ব সামৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ কিন্তু স্থানীয় ৰাইজে এতিয়াও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান | ঘটনাস্থলীত এতিয়া লৈ কোনো প্ৰশাসনৰ লোক উপস্থিত নোহোৱাত ক্ষুদ্ধ হৈ পৰিছে ৰাইজ | ফলত চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে এইদৰে পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে | অসম চৰকাৰ হায় হায়, আদি শ্ল'গানেৰে উত্তাল কৰি তোলে | প্ৰতিবাদকাৰী সকলে মৃত ব্যক্তিৰ পৰিয়ালক বিনাচৰ্তে পাঁচ লাখকৈ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে চৰকাৰক |

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details