অসম

assam

ETV Bharat / state

Assam Constituency Delimitation: সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ উজনি-নামনি আৰু বৰাকত আজি কোনো শান্তিত থাকিব পৰা নাই; ৰকিবুল হুছেইন

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাত সৰভোগ সমষ্টিৰ নাম কৰ্তন কৰাৰ প্ৰতিবাদত বুধবাৰে বিশাল প্ৰতিবাদী সভা ৷ অসম জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছ আৰু চিপিআই (এম) ৰ উদ্যোগত সৰভোগৰ গান্ধী ময়দানত অনুষ্ঠিত হয় এই প্ৰতিবাদী সভা ৷

By

Published : Jul 6, 2023, 10:24 AM IST

Meeting Against Constituency Delimitation Draft
সৰভোগৰ গান্ধী ময়দানত প্ৰতিবাদী সভা

সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ উজনি-নামনি আৰু বৰাকত আজি কোনো শান্তিত থাকিব পৰা নাই

বৰপেটাৰোড, 5 জুলাই :সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সমান্তৰালকৈ সৰভোগ সমষ্টিৰ নাম কৰ্তন কৰাৰ প্ৰতিবাদত বুধবাৰে সৰভোগত এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ অসম জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছ আৰু চিপিআই (এম) ৰ উদ্যোগত সৰভোগৰ গান্ধী ময়দানত অনুষ্ঠিত হয় এই প্ৰতিবাদী সভা ৷

এই সভাত অংশ লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, ঐতিহাসিক সৰভোগক সমষ্টিৰ নাম কৰ্তন কৰাৰ বাবে সৰভোগৰ ৰাইজক হাত সাৱটি বহি নাথাকি নিজৰ অধিকাৰ আজুৰি আনিবলৈ ৰাজপথলৈ ওলাই আহি সংগ্ৰামত ব্ৰতী হ’বলৈ আহ্বান জনাই ৷ ঐতিহাসিক সৰভোগ সমষ্টিৰ নাম বাহাল ৰাখিবলৈ বিভিন্ন দল-সংগঠন, ক্লাৱ, এনজিঅক নিৰ্বাচন আয়োগক নিজৰ নিজৰ স্মাৰক পত্ৰ দিয়াৰ আহ্বান অজাপৰ সভাপতিগৰাকীৰ ৷ কিন্তু সৰভোগ সমষ্টিৰ নাম কৰ্তন কৰাৰ সিদ্ধান্ত যদি সলনি নহয় তেন্তে ৰাইজক কৰা এই অন্যায়ৰ প্ৰত্যুত্তৰ ৰাজনৈতিকভাৱে আগন্তুক দিন সমূহত আহিবলগীয়া লোকসভা, বিধানসভা, পঞ্চায়ত নিৰ্বাচনত দিয়া হ’ব বুলি উল্লেখ কৰি সৰভোগৰ প্ৰতিঘৰ মানুহক, প্ৰতিজন নাগৰিকক ঐক্যবদ্ধভাৱে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনায় অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ৷

তিনি গগৈ আগন্তুক নিৰ্বাচনত পৰাজিত হ’ব বুলি শাসকপক্ষই কোৱা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয়- বতৰ চাই দল সলনি কৰা মানুহ তেওঁলোক ৷ বতৰ চাই সেইসকল লোকে মজবুত ভেঁটি থকা দলত গৈ যোগদান কৰে ৷ কিন্তু সেইসকল লোকে নিজে এটা নতুন দল খুলি, সেই দলৰ পৰা নতুবা নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলি দেখুওৱাক যদি সাহস আছে ৷ লগতে শাসকপক্ষৰ নেতাক উভতি ধৰি সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, তেওঁলোকে মইনা পাৰিজাত নতুবা ক্লাৱ এটা খুলি দেখুৱাওক যদি সাহস আছে বুলিও কটাক্ষ কৰে ৷

আনহাতে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে সভাত উপস্থিত থাকি কয় যে, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সম্পূৰ্ণৰূপে সাম্প্ৰদায়িক কথা কৈছে আৰু এটা জাতিৰ প্ৰতি অন্যায় কৰিছে ৷ গগৈ মগৈ বুলি উপলুঙা কৰাৰ বাবে ৰণজিৎ কুমাৰ দাসক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে ৷ মোদী উপাধি ব্যৱহাৰ কৰাৰ বাবে যদি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিব পাৰে তেন্তে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গগৈ মগৈ বুলি এটা জাতিক অপমান কৰাৰ বাবে মন্ত্ৰীগৰাকীক নিশ্চিতভাৱেই গ্ৰেপ্তাৰ কৰিব লাগে বুলি উল্লেখ কৰি অসম আৰক্ষীক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে বিধায়কজনে৷ লগতে ৰণজিৎ কুমাৰ দাসৰ বিধায়ক পদ খাৰিজ কৰিবলৈ বিধানসভাৰ অধ্যক্ষক দাবী জনায় শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷

প্ৰতিবাদী সভাত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনে অংশলৈ কয় যে, জাতি ৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা সমষ্টিৰ পুনৰ নিৰ্ধাৰণক লৈ উজনি-নামনি আৰু বৰাকত আজি কোনো শান্তিত থাকিব পৰা নাই ৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় সমষ্টি পুনৰ নিৰ্ধাৰণত মাত্ৰ দুজন মানুহ শান্তিত আছে ৷ তাৰে এজন হল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আনজন হ’ল এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল ৷

আগন্তুক 2024 চনৰ নিৰ্বাচনত বিৰোধী ঐক্যৰ সহযোগত ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত ৰাইজৰ আবেগ-অনুভূতি অটুট ৰাখি 2026 চনত সৰ্বভাৰতীয় পৰ্যায়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত অসমতো সমষ্টি নিৰ্ধাৰণ কৰাৰ আশ্বাস প্ৰদান কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কথা উনুকিয়াই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় যে, কংগ্ৰেছৰ লগত যিসকল পুৰণি বিজেপিয়ে যুঁজি যুঁজি বিজেপি দলটো ক্ষমতালৈ আনিছিল, সেইসকল পুৰণি বিজেপিক ক্ষমতাৰ পৰা আতঁৰত ৰাখি কংগ্ৰেছৰ পৰা যোৱা ন বিজেপি সকলে ক্ষমতা কুক্ষিগত কৰিছে ৷ ফলত ৰাইজ ক্ষোভিত হৈছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাতো ডুবিবই লগতে বিজেপিকো ডুবাব বুলিও কয় প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনে ৷ প্ৰতিবাদী সভাত সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, সৰভোগৰ প্ৰাক্তন বিধায়ক তথা চিপিআইএমৰ বৰ্ষীয়ান নেতা হেমেন দাস, প্ৰাক্তন সাংসদ তথা সৰভোগৰ প্ৰাক্তন বিধায়ক উদ্ধৱ বৰ্মন উপস্থিত থাকে ৷

লগতে পঢ়ক:Constituency delimitation:লাহোৱাল সমষ্টি বিলুপ্তিককৰণৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযান কাৰ্যসূচী

ABOUT THE AUTHOR

...view details