বৰপেটা, 14 ফেব্ৰুৱাৰীঃ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা চিটাঘাটত উত্তেজনা ৷ জুৱাৰীৰৰ আক্ৰমণৰ বলি হ'ল সংবাদিকৰ লগতে স্থানীয় ৰাইজ ৷ এই পৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জুৱাৰীৰ দলটোৰ বিৰুদ্ধে ৷
নিৰ্লিপ্ত আৰক্ষীঃ জুৱাৰীৰ আক্ৰমণত আহত সাংবাদিক - gambler
জুৱা খেলত বাধা দিবলৈ চেষ্টা কৰোতেই সাংবাদিক তথা স্থানীয় ৰাইজক শাৰীৰিক ভাৱে অপদস্থ কৰে জুৱাৰীৰ দলটোৱে ৷
ঘটনাৰ বিৱৰণী অনুসৰি সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত খৰিচালা চিটাঘাট অঞ্চলত দীৰ্ঘদিনৰে পৰা চলি থকা জুৱা খেলৰ বিৰুদ্ধে ওলাই আহিছিল সাংবাদিকৰ লগতে একাংশ স্থানীয় ৰাইজ ৷ জুৱা খেলত বাধা দিবলৈ চেষ্টা কৰোতেই সাংবাদিক তথা স্থানীয় ৰাইজক শাৰীৰিক ভাৱে অপদস্থ কৰে জুৱাৰীৰ দলটোৱে ৷ আব্দুল মালেক, আব্দুল কাদেৰ, নুৰুল ইছলাম, মোজাহাৰুল ইছলামৰ লগতে কেইবাজনো জুৱাৰীয়ে আব্দুল জুব্বাৰক বেয়াকৈ মাৰপিট কৰে ৷ ইমানেই নহয়, আব্দুল কাদেৰ আৰু নুৰুল ইছলামে খুকুৰী আৰু বাঁহৰ লাঠিৰে ৰাইজ আৰু সাংবাদিকক মাৰিবলৈ উদ্যত হয় ৷ অৱশ্যে কিছু সময়ৰ পিছত সাংবাদিকে খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ উক্ত ঘটনাত ETV Bharatৰ লগতে বিভিন্ন সংবাদমাধ্যমৰ 7 গৰাকীকৈ সাংবাদিক কম বেছি পৰিমানে আঘাতপ্ৰাপ্ত হয় ৷ জুৱাৰীৰ দলটোৱে সাংবাদিকৰ লগতে স্থানীয় ৰাইজক উপদস্থ কৰাৰ সমগ্ৰ ঘটনা বন্দী হ'ল সাংবাদিকৰ কেমেৰাত ৷
লগতে পঢ়কঃ ওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ উদ্ধাৰ