অসম

assam

ETV Bharat / state

কলগাছিয়াত ভক্ষকৰ ৰূপত স্বয়ং আৰক্ষী ! - ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

মঙলবাৰে কলগাছিয়া থানাৰ আৰক্ষীয়ে গুণ্ডাগিৰিৰ কৌশলেৰে কেইগৰাকীমান দৰিদ্ৰ ব্যৱসায়ীৰ পৰা মাছসহ পাচলি বলপূৰ্বকভাৱে নিয়াৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জয়নাল আবদিন নামৰ এগৰাকী মাছ ব্যৱসায়ীৰ পৰা চাৰি হাজাৰ টকা মূল্যৰ মাছ কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন হৈছে কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে ৷

public accused police of being goon
কলগাছিয়া আৰক্ষী বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ

By

Published : Jul 11, 2021, 11:20 AM IST

জনীয়া, 11 জুলাই : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপথাৰ মিৰ্জা বজাৰৰ পৰা কলগাছিয়া আৰক্ষীয়ে বলপূৰ্বকভাৱে কেইগৰাকীমান ব্যৱসায়ীৰ পৰা মাছসহ পাচলি নিয়া ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অভিযোগ অনুসৰি, মিৰ্জা বজাৰত ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া আমগুৰি গাঁৱৰ নিবাসী জয়নাল আবদিনে চৰকাৰে দিয়া SOP মানি বিয়লি দুই বজাতে দোকান সামৰিছিল ৷ সেই সময়তে কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবানন্দ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গুণ্ডাগিৰিৰে মাছ ব্যৱসায়ী জয়নাল আবদিনৰ পৰা প্ৰায় চাৰি হাজাৰ টকা মূল্যৰ মাছ কাঢ়ি লয় বুলি অভিযোগ উত্থাপন হৈছে ৷

ইয়াৰ লগতে বালাৰপথাৰ গাঁৱৰ আব্দুল কৰিম আৰু আব্দুৰ ৰেজ্জাক নামৰ আন দুজন ব্যৱসায়ীৰ পৰা দুই হাজাৰ টকাৰ পাচলি আৰু এহাজাৰ টকাৰ বেঙেনাৰ বস্তা কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন হৈছে কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে ৷ পৰৱৰ্তী সময়ত ভুক্তভোগীয়ে নিজৰ সামগ্ৰী বিচাৰি থানালৈ যায় যদিও আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰি খেদি পঠায় । ইফালে কলগাছিয়াৰ বিভিন্ন ঠাইৰ পৰা বিয়লি ২-৩ বজাৰ ভিতৰত ৰোগী আৰু খাদ্য সামগ্ৰী অনা-নিয়া কৰা প্ৰায় 30 খনতকৈ অধিক ই-ৰিক্সাৰ পৰা এহাজাৰ টকাকৈ জৰিমনা সংগ্ৰহ কৰে আৰক্ষীয়ে ।

কলগাছিয়া আৰক্ষী বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ

লগতে পঢ়ক: 175 টা পৰিয়াললৈ 1.50 কোটি টকা আৰ্থিক সাহাৰ্য আজমল ফাউণ্ডেচনৰ

আৰক্ষীৰ এই কাৰ্যত ক্ষোভিত হৈ পৰিছে সাধাৰণ লোকসকল ৷ সমান্তৰালভাৱে আৰক্ষীৰ এনে স্থিতিক লৈ বিভিন্ন ধৰণে প্ৰশ্ন উত্থাপন কৰিছে অঞ্চলটোৰ সচেতন মহলে ৷ ক'ভিড প্ৰট'কলৰ আলম লৈ দিন-হাজিৰাৰে পৰিয়াল পোহপাল দিয়া লোকসকলৰ ওপৰত আৰক্ষীয়ে এনে স্থিতি গ্ৰহণ কৰাটো সহজভাৱে ল'ব পৰা নাই অঞ্চলটোৰ ৰাইজে ৷

ABOUT THE AUTHOR

...view details