অসম

assam

By

Published : Jul 10, 2020, 6:44 PM IST

ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীৰে কমিউনিষ্ট পাৰ্টীৰ প্ৰতিবাদ

শুকুৰবাৰে কমিউনিষ্ট পাৰ্টী মাৰ্ক্সবাদীৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে, কলগাছিয়া স্থানীয় কমিটিয়ে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ।

ptotest-for-release-akhil-gogoi-at-kalgasia-cpi-m
অখিল গগৈৰ মুক্তিৰ দাবীত কমিউনিষ্ট পাৰ্টিৰ প্ৰতিবাদ

জনীয়া,10জুলাইঃনাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ নেতা অখিল গগৈক মুক্তিৰ দাবীৰে, ভাৰতৰ কমিউনিষ্ট পাৰ্টী মাৰ্ক্সবাদীৰ অসম ৰাজ্যিক কমিটিৰ আহ্বান মৰ্মে, কলগাছিয়া স্থানীয় কমিটিয়ে এক প্ৰতিবাদী সমদল বাহিৰ কৰে শুকুৰবাৰে। প্ৰতিবাদকাৰী সকলে অখিল গগৈক মুক্তি দিয়ক,গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সকলো এক হওঁক, বিজেপি চৰকাৰ হুঁচিয়াৰ,বিজেপি চৰকাৰক নিপাত যাওঁক,বাক স্বাধীনতা কাঢ়ি নিব বিচৰা বিজেপি চৰকাৰ নিপাত যাওঁক আদি শ্লোগানেৰে কলগাছিয়াৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

অখিল গগৈৰ মুক্তিৰ দাবীৰে কমিউনিষ্ট পাৰ্টীৰ প্ৰতিবাদ

ইপিনে অখিল গগৈৰ লগতে কাৰাবন্দী কৰি ৰখা প্ৰতিগৰাকী নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনকাৰীক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীৰ লগতে, অখিল গগৈক উন্নত চিকিৎসাৰ প্ৰদানৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে।

লগতে পঢ়কঃ চিৰাঙত বান পৰিস্থিতি ভয়ানক

ABOUT THE AUTHOR

...view details