অসম

assam

ETV Bharat / state

Erosion of Beki River: কলগাছিয়া ৰাজহ চক্ৰত CPIMৰ বিক্ষোভ কাৰ্য্যসূচী - Protest on demanding prevention of erosion

বেকী নদীৰ গৰাখহনীয়াত উপায়হীন নৈপৰীয়া ৰাইজ (Erosion of Beki River) । দীৰ্ঘদিনে এই সমস্যা সমাধানৰ বাবে বহু আবেদন নিবেদন কৰাৰ পাছতো গুৰুত্ব নিদিয়াত বুধবাৰে CPIM য়ে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী (Protest on demanding prevention of erosion) ।

cpim protest in kalgasia
কলগাছিয়া ৰাজহ চক্ৰত CPIMৰ বিক্ষোভ কাৰ্য্যসূচী

By

Published : Mar 23, 2022, 10:27 PM IST

কলগাছিয়া, ২৩ মাৰ্চ:কলগাছিয়া ৰাজহ চক্ৰত CPIMৰ বিক্ষোভ কাৰ্য্যসূচী । বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান । এক সপ্তাহৰ ভিতৰত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে অনিৰ্দিষ্টকাললৈ অৱস্থান ধৰ্মঘটৰ ভাবুকি ।

CPIM ৰ কলগাছিয়া স্থানীয় কমিটিৰ উদ্যোগ আৰু খহনীয়াগ্ৰস্থ ৰাইজৰ সহযোগত বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আজি বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰি কলগাছিয়া ৰাজহচক্ৰৰ চৌহদ উত্তাল কৰি তোলে (Protest on demanding prevention of erosion) । বিক্ষোভকাৰী সকলে কলগাছিয়া চাৰিআলি চ'কৰ পৰা সমদল কৰি হাতে হাতে বেনাৰ লৈ ৰাজহচক্ৰৰ কাৰ্যালয়ত উপস্থিত হয় ।

কলগাছিয়া ৰাজহ চক্ৰত CPIMৰ বিক্ষোভ কাৰ্য্যসূচী

বিক্ষোভকাৰী সকলে "গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক, খহনীয়াগ্ৰস্ত ৰাইজক ৰক্ষা কৰক, গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হোৱা নাই কিয় জবাব দিয়ক" আদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াৰ জড়িয়তে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:ৰঙিয়াত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকৰ সংবাদ মেল

For All Latest Updates

ABOUT THE AUTHOR

...view details