অসম

assam

By

Published : Jan 20, 2022, 4:39 PM IST

ETV Bharat / state

Assam Police Recruitment 2021: বৰপেটাত আৰক্ষীৰ পদৰ সাক্ষাৎকাৰত অৱতীৰ্ণ প্ৰাৰ্থীৰ ধৰ্ণা

বৰপেটাত ৰাজ্য চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদত বহিল অসম আৰক্ষীৰ পদৰ প্ৰাৰ্থী (Candidates protest at Barpeta) ৷ সাক্ষাৎকাৰৰ ক্ষেত্ৰত চৰকাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিলে প্ৰাৰ্থীসকলে ৷

Candidates protest at Barpeta
প্ৰতিবাদত বহিল অসম আৰক্ষীৰ পদৰ প্ৰাৰ্থী

বৰপেটা, ২০ জানুৱাৰী: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি আছিল গণি গণি এক লাখ নিবনুৱাক চাকৰিত নিযুক্তিৰ (One lakh jobs assurance)৷ পিছে অসম আৰক্ষীৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱা একাংশ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদত বহিল বৃহস্পতিবাৰে (Candidates protest at Barpeta) ৷ চৰকাৰৰ অনিয়মৰ বলি হোৱাৰ প্ৰতিবাদত বৰপেটাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে প্ৰাৰ্থীসকলে ৷

প্ৰতিবাদত বহিল অসম আৰক্ষীৰ পদৰ প্ৰাৰ্থী

ৰাজ্য চৰকাৰে ৬,৬৬২ টা আৰক্ষী পদৰ বাবে 2021 বৰ্ষত সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল ৷ একোটা পদৰ বিপৰীতে ৫ জন প্ৰাৰ্থীক চেকেণ্ড কল কৰিব বুলি প্ৰকাশ কৰিছিল চৰকাৰে ৷ কিন্তু বৰপেটা জিলাৰ ২৯৪ টা খালী পদৰ বিপৰীতে মাথো ৫৮৮ জন প্ৰাৰ্থীকহে দ্বিতীয় সাক্ষাৎকাৰলৈ মাতিলে গৃহ বিভাগে ৷ যিসময়ত অন্য জিলাত একোটা পদৰ বিপৰীতে ৫ জন প্ৰাৰ্থীক দ্বিতীয় সাক্ষাৎকাৰলৈ মাতিছে, তেনেক্ষেত্ৰত বৰপেটাত কি কাৰণত এটা পদৰ বিপৰীতে মাথো দুজনকহে সাক্ষাৎকাৰলৈ মাতিছে তাকে লৈ বৰপেটাৰ প্ৰাৰ্থীসকল ক্ষোভিত হৈ পৰে ৷

এই একপক্ষীয় নীতি বাতিল কৰি এটা পদৰ বিপৰীতে ৫ জনক দ্বিতীয় সাক্ষাৎকাৰলৈ মাতিবলৈ দাবী জনাই আৰক্ষীৰ পদৰ প্ৰাৰ্থীসকলে এইদৰে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷

লগতে পঢ়ক:অসম মীন উন্নয়ন নিগমত ভয়ংকৰ বিত্তীয় কেলেংকাৰী !

ABOUT THE AUTHOR

...view details