জনীয়া, 25 ছেপ্তেম্বৰ:ৰাজ্যৰ সৰ্বত্ৰে পৰিলক্ষিত হৈছে ভাৰত বন্ধৰ প্ৰভাৱ ৷ শেহতীয়াকৈ ৰাজ্যসভাত গৃহীত হোৱা কৃষি বিধেযকৰ বিৰোধিতাৰে সৰৱ হ'ল নিখিল ভাৰত কৃষক সভা ৷ কলগাছিয়াত নিখিল ভাৰত কৃষক সভাৰ কৰ্মকৰ্তা সকলে টায়াৰ জ্বলাই বিধেয়ক খনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শেহতীয়াকৈ গৃহীত হোৱা বিধেয়কে কৃষকক মাধমাৰ শোধাব বুলি ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে ৷ কৃষক সকলক পুঁজিপতিৰ বহতীয়া কৰাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ কৰিছে ৷ চৰকাৰৰ এনে পদক্ষেপৰ বাবে তেওঁলোকক গাদীচ্যুত কৰিবলৈ কৃষকৰ বেছি সময় নালাগে বুলি হুকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
কলগাছিয়াত টায়াৰ জ্বলাই কৃষক সভাৰ প্ৰতিবাদ - protest in kalgachia
কৃষক সকলক পুঁজিপতিৰ বহতীয়া কৰাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ কৰিছে ৷ চৰকাৰৰ এনে পদক্ষেপৰ বাবে তেওঁলোকক গাদীচ্যুত কৰিবলৈ কৃষকৰ বেছি সময় নালাগে বুলি হুংকাৰ প্ৰদান কৰে নিখিল ভাৰত কৃষক সভাই ৷ শুকুৰবাৰে কলগাছিয়াত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে ৷
টায়াৰ জ্বলাই কৃষক সভাৰ প্ৰতিবাদ