কলগাছিয়া,১৩ অক্টোবৰ :অসমত যেন প্ৰতিবাদ সুলভ হৈ পৰিছে । ন্যায্যপ্ৰাপ্তিৰ বাবে যেন এতিয়া প্ৰতিবাদে একমাত্ৰ উপায় । ছাত্ৰ-ছাত্ৰী, শিক্ষক, দল-সংগঠন. চৰকাৰী কৰ্মচাৰী সকলোৱে প্ৰতিবাদত বহিব লগীয়া হয় (Protest in Assam)। কিন্তু কলগাছিয়াত এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে কণ কণ শিশুৱে (Children protest in Kalgachia)। আপুনি দেখি আচৰিত হ'ব যে যিসকল শিশুৱে 'মা' বুলি ক'বলৈ শিকিছেহে মাত্ৰ, তেনে একাংশ শিশুক লৈ প্ৰতিবাদত বহিল একাংশ অভিভাৱক আৰু স্থানীয় ৰাইজ ।
উল্লেখ্য যে অংগনবাড়ী কেন্দ্ৰৰ ব্যাপক অনিয়মৰ বিৰুদ্ধে এই প্ৰতিবাদ (Protest against irregularities of Anganwadi centre )। বৰপেটা জিলাৰ কলগাছিয়াস্থিত ৰূপসী সংহত শিশু বিকাশ সেৱা প্ৰকল্পৰ অন্তৰ্গত শওপুৰ ২৫৭ নং অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আজিৰণ খাতুনৰ বিৰুদ্ধে অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকৰ লগতে ৰাইজে ।
জানিব পৰা মতে অংগনবাড়ী কেন্দ্ৰটো কেইবাবছৰ পূৰ্বে শওপুৰ দ্বিতীয় খণ্ডত নিৰ্মাণ হৈছিল । কিন্তু বেকী নদীৰ গৰাখহনীয়াই ভাঙি নিয়াৰ ফলত বেকী নদীৰ পশ্চিম পাৰত আন এটা পৰিয়ালৰ ঘৰলৈ স্থানান্তৰ কৰি বিগত দহ বছৰ ধৰি পাঠদান চলাই থকা হৈছে । বিগত এক মাহ ধৰি হঠাৎ কৰ্মী আজিৰণ খাতুন কেন্দ্ৰত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।