জনীয়া,৪ আগষ্ট:কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত টকাকাটা গাঁওত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া । প্ৰলয়ংকাৰী বানপানীয়ে তচনচ কৰাৰ পিছত বেকী নদীয়ে কেইবাখনো গাঁৱত সৃষ্টি কৰিছে বিধ্বংসী গৰাখহনীয়া(Massive erosion in Kalgachia) । খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধি সকলক কেইবাবাৰো দাবী জনাইছে যদিও এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত ক্ষোভিত হৈ পৰিছে খহনীয়াগ্ৰস্ত ৰাইজ ।
ক্ষোভিত ৰাইজে সাংসদ আব্দুল খালেক হাই হাই, আব্দুল খালেক গো বেগ, বিধায়ক শ্বেৰমান আলি হাই হাই আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিবেশ(Protest in Kalgaasia demanding prevention of erosion) । উল্লেখ্য যে বিগত বৰ্ষত টকাকাটা গাঁওত চৰকাৰে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ২৪ লাখ টকা আবন্টন দিছিল । তাৰে মাজত ঠিকাদাৰে ৩/৪ লাখ টকাৰ কাম কৰি বাকী টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।