জনীয়া,২৫ অক্টোবৰ:ৰাজ্যজুৰি উন্নত কৰা হৈছে অংগনৱাড়ী কেন্দ্ৰসমূহ । ন-ৰূপেৰে সজাইছে অংগনৱাড়ী কেন্দ্ৰসমূহ । শিশুক উন্নত শিক্ষৰে সু-নাগৰিক হিচাপে গঢ় দিয়াৰ পৰিকল্পনাৰে চৰকাৰে গ্ৰহন কৰা বিভিন্ন আঁচনিৰ ভিতৰত অন্যতম হল অংগনৱাড়ী আঁচনি । কিন্তু অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণতে বিভিন্ন স্থানত সংঘটিত হৈছে ব্যাপক অনিয়ম ।
অংগনৱাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ নামত বৰপেটা জিলাৰ কলগাছিয়াত সংঘটিত হৈছে ব্যাপক অনিয়ম । বৰপেটা জিলাৰ কলগাছিয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ২৭৮ নং খাটাৰটাৰী হাজীপাৰা অংগনৱাড়ী কেন্দ্ৰৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে(Corruption in construction of Anganwadi center) । জানিব পৰা মতে ২০১১ চনত খাটাৰটাৰী হাজীপাৰা গাঁৱত স্থাপন হোৱা ২৭৮ নং অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মী আৰু পৰিচালনা সমিতিৰ সভাপতিয়ে মিলি স্থানীয় ৰাইজ আৰু পৰিচালনা সমিতিৰ সদস্য সকলক অন্ধকাৰত ৰাখি নিজৰ স্বাৰ্থৰ বাবে স্থানান্তৰ কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাইজ ।
বৰ্তমান উক্ত কেন্দ্ৰৰ নামত বিভাগীয় কৰ্তৃপক্ষই গৃহ নিৰ্মাণৰ ধন মোকলাই দিছে যদিও পৰিচালনা সমিতিৰ সভাপতি জহিৰুল ইছলামে নিজৰ খেয়ালখুচি মতে গৃহ নিৰ্মাণৰ কাম উক্ত স্থানৰ পৰা প্ৰায় ৬০০ মিটাৰ আঁতৰত স্থানান্তৰ কৰিবলৈ লোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পূৰ্বৰে পৰা ৬৫ গৰাকী ছাত্ৰ ছাত্ৰী থকা হাজীপাৰাত অংগনৱাড়ী কেন্দ্ৰটো চলি আছিল ।