জনীয়া,১৯জুলাই:কা' বিৰোধৰ বাবে চৰকাৰৰ ৰোষত পৰি কৃষক নেতা নেতা অখিল গগৈ,ড°কাফিল খান আৰু দেৱাংগনা কলিতাকে ধৰি কাৰাৰুদ্ধ হৈ থকা আটাইকেইগৰাকী নেতাক বিনাচৰ্তে মুক্তি আৰু অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ দাবীৰে দেওবাৰে জনীয়াৰ মেধিৰটাৰীত সচেতন ছাত্ৰ-যুৱ সমাজ আৰু স্থানীয় ৰাইজে সাব্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচী । মেধিৰটাৰী আঞ্চলিক সমধিকাৰ ক্লাৱ আৰু মেধিৰটাৰী আঞ্চলিক জনপ্ৰিয় ক্লাব এণ্ড লাইব্ৰেৰীৰ আহ্বানত অঞ্চলটোৰ ছাত্ৰ সমাজ,যুৱ সমাজকে ধৰি শতাধিক ৰাইজে মেধিৰটাৰী বজাৰলৈ ওলাই আহি মানৱ শৃঙ্খল তৈয়াৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।
অখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটা মেধিৰটাৰীত শতাধিক লোকৰ প্ৰতিবাদ - মানৱ শৃঙ্খল
কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মেধিৰটাৰীত শতাধিক লোকে কৰিলে প্ৰতিবাদ । মেধিৰটাৰী আঞ্চলিক সমধিকাৰ ক্লাৱ আৰু মেধিৰটাৰী আঞ্চলিক জনপ্ৰিয় ক্লাৱ এণ্ড লাইব্ৰেৰীৰ যৌথ উদ্যোগত দেওবাৰে এক প্ৰতিবাদী কাৰ্যসূচী অনুস্থিত হৈ যায় ।
প্ৰতিবাদকাৰী সকলে অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক,অখিল গগৈক উপযুক্ত চিকিৎসা প্ৰদান কৰক,ড°কাফিল খানক মুক্তি দিয়ক,দেৱাংগনা কলিতাক মুক্তি দিয়ক,'কা' আমি নামানো,প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হুচিয়াৰ,স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
দেওবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে অভিযোগ উত্থাপন কৰি কয় যে,চৰকাৰে ইচ্ছকৃতভাৱে অৱহেলা আৰু ষড়যন্ত্ৰ কৰি অখিল গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাই তিলে তিলে হত্যাৰ ষড়যন্ত্ৰ কৰিছে । বৰ্তমান ক'ৰণাত আক্ৰান্ত কৃষক নেতা গৰাকীক এতিয়া চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰি দায়িত্ব সঠিকভাৱে পালন কৰাৰ ভাও জুৰি ৰাইজক আভুৱা ভাৰিব খুজিছে ।