অসম

assam

ETV Bharat / state

Protest demanding road construction: পথ নিৰ্মাণৰ দাবীত কলগাছিয়াত ৰাইজৰ প্ৰতিবাদ - পথ নিৰ্মাণৰ দাবীত কলগাছিয়াত ৰাইজৰ প্ৰতিবাদ

কলগাছিয়াৰ বলিকুৰি এন চি গাঁৱত পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ(Protest in Jania) । এটি বোকাময় পথে জ্বলা-কলা খুৱাইছে গাঁওবাসীক। গাঁওবাসীৰ দুখ-দুৰ্দশাৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ(Poor road condition in Barpeta)।

Protest against repair for local road in Jania barpeta
পথ নিৰ্মাণৰ দাবীত কলগাছিয়াত ৰাইজৰ প্ৰতিবাদ

By

Published : Oct 28, 2022, 1:09 PM IST

বৰপেটা,28 অক্টোবৰ:জনীয়া সমষ্টিৰ অন্তৰ্গত এটি বিধস্ত পথে জ্বলা-কলা খুৱাইছে সংশ্লিষ্ট এলেকাবাসীক(Poor road condition in Barpeta) ৷ উন্নয়নৰ জয়ঢোল কোবোৱা বিজেপি চৰকাৰখনৰ দিনত কলগাছিয়াৰ বলিকুৰিবাসীয়ে যাতায়াতৰ বাবে ব্যৱহাৰ কৰা পথটো পথেই নে পথাৰ এবাৰতে ধৰিবই নোৱাৰি । জনবহুল এখন গাঁৱৰ এটা ব্যস্ত পথৰ জৰাজীৰ্ণ অৱস্থাই সম্প্ৰতি জোলোকা-জোলোকে পানী খুৱাইছে গাঁওবাসীক । জনতাৰ সুবিধা-অসুবিধাৰ প্ৰতি স্থানীয় জনপ্ৰতিনিধি তথা চৰকাৰী বিভাগবোৰে মূৰ পোলোকা মৰাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷

উল্লেখযোগ্য যে বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱৰ ৮২ নং জনতা গাঁও পঞ্চায়তৰ ১ নং খণ্ডৰ অন্তৰ্গত এটা জৰাজীৰ্ণ পথ যাতায়তৰ উপযোগী কৰি তুলিবলৈ গাঁওখনৰ প্ৰায় শতাধিক ৰাইজে বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Pathetic road condition in Barpeta) । প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়া অনুসৰি কেৱল নিৰ্বাচনৰ সময়ত প্ৰতিনিধিসকলে নানা ধৰণৰ প্ৰলোভন দেখুৱাই ৰাইজৰ পৰা ভোট আদায় কৰে ৷ কিন্তু নিৰ্বাচন যোৱাৰ পিছত জনপ্ৰতিনিধিসকলে কোনোদিনে সমষ্টিবাসীৰ সমস্যাৰ বুজ লবলৈ নাহে(Protest in Jania) ।

পথ নিৰ্মাণৰ দাবীত কলগাছিয়াত ৰাইজৰ প্ৰতিবাদ

বছৰৰ অধিকাংশ সময়তেই নাজল-নাথল অৱস্থাত থকা পথটোৰে কৃষিপ্ৰধান গাঁওখনৰ ৰাইজে যাতায়ত কৰিবলৈ ব্যাপক অসুবিধাৰ সন্মুখীন হবলগীয়া হৈ আহিছে । কৃষকৰ ফচল বজাৰত বিক্ৰী কৰিবলৈ যথেষ্ট কষ্ট স্বীকাৰ কৰি এই পথচোৱাৰে লৈ যাবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে গাঁওবাসীয়ে । সমান্তৰালভাবে সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ শিক্ষাৰ্থীসকল (Communication devastated in Barpeta )৷

আনকি জৰুৰীকালীন অৱস্থাতো একমাত্ৰ পথটোৰ দুৰাৱস্থাৰ বাবে গাঁওবাসীয়ে প্ৰাপ্য সেৱা লাভৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে বুলি আক্ষেপ সহকাৰে ভুক্তভোগী ৰাইজে জানিবলৈ দিয়ে ৷ দীৰ্ঘদিন ধৰি যাতায়তৰ সমস্যাত ভুগি থকা গাঁওবাসীয়ে বৃহস্পতিবাৰে জনপ্ৰতিনিধি আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে(Protest against repair for local road) ।

জনীয়া সমষ্টিৰ সাম্প্ৰতিক ছবিখনে উদঙাই দিছে সততে সফলতাৰ জয়ঢোল কোবাই থকা বিজেপি চৰকাৰ তথা জনপ্ৰতিনিধিসকলৰ কামৰ প্ৰকৃত নমুনা ৷

লগতে পঢ়ক:Miya museum controversy: মিঞা শব্দটো সন্মানসূচক শব্দ; সাংসদ দিলীপ শইকীয়া

ABOUT THE AUTHOR

...view details