অসম

assam

By

Published : Nov 9, 2019, 12:02 AM IST

ETV Bharat / state

ৰাজ্যজুৰি মধ্যাহ্ন ভোজনৰ নিম্ন মানদণ্ডৰ বিৰুদ্ধে অব্যাহত উত্তাল প্ৰতিবাদ

ৰাজ্যজুৰি মধ্যাহ্ন ভোজনৰ নিম্ন মানদণ্ডৰ বিৰুদ্ধে অব্যাহত উত্তাল প্ৰতিবাদ ৷ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপিত ৷

ৰাজ্যজুৰি মধ্যাহ্ন ভোজনৰ নিম্ন মানদণ্ডৰ বিৰুদ্ধে অব্যাহত উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক, 8 নৱেম্বৰঃৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে মধ্যাহ্ন ভোজনৰ নিম্ন মানদণ্ডৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৷ এন জি অৰ দ্বাৰা মধ্যাহ্ন ভোজন যোগানত বৃহৎ কেলেংকাৰীৰ সন্দৰ্ভত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই বৰপেটাত সংবাদমেলৰ সম্বোধন কৰি ৰাজ্যৰ শিক্ষাৰ বিভাগৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে ৷ সংগঠনটোৱে অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ছাত্ৰ-ছাত্ৰীসকলক সুষম খাদ্য যোগান আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ স্বাৰ্থত মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এন জি অ'ক অৰ্পণ কৰাৰ যি সিদ্ধান্ত লৈছে, সেয়া বাস্তৱত হিতৰ বিপৰীতে হোৱাহে পৰিলক্ষিত হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। অসমৰ স্থানীয় এন জি অক বঞ্চিত কৰি অসমৰ ৰাইজৰ খাদ্য প্ৰণালী সম্পৰ্কে সামান্যতম জ্ঞান নথকা বহিঃ ৰাজ্যৰ এন জি অক খাদ্য যোগানৰ বাবে ঠিকা দিয়াৰ বাবেহে এনে বিশৃংখলাৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰে আমছুৱে। অসমৰ ছাত্ৰ-ছাত্ৰী সকলক উত্তৰ ভাৰতৰ খাদ্য প্ৰণালীৰে বনোৱা খাদ্য প্ৰদান কৰাটো কিমান যুক্তিসংগত বুলি প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে । সংবাদমেলত উপস্থিত থাকি আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে বহিঃ ৰাজ্যৰ প্ৰতিষ্ঠানৰ ঠিকা খৰিজ কৰি স্থানীয় দায়বদ্ধতা থকা এন জি অক মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পণ কৰিবলৈ শিক্ষা বিভাগক আহ্বান জনায় । সভাপতি ৰেজাউল কৰিম সৰকাৰে মধ্যাহ্ন ভোজনৰ নামত এন জি অ বিলাকে ব্যাপক কেলেংকাৰী আৰু দুৰ্নীতিত লিপ্ত হোৱা বুলি অভিযোগ কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰে । ইয়োৰোপৰি অসমৰ বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়াই বিদ্যালয়সমূহ পৰিদৰ্শন কৰিলে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি সংবাদ মেলত মন্তব্য আগবঢ়ায় আমছুৰ সভাপতিগৰাকীয়ে।

মধ্যাহ্ন ভোজনৰ নিম্ন মানদণ্ডৰ বিৰুদ্ধে বৰপেটাতআমছুৰ সংবাদমেল

আনহাতে কোকৰাঝাৰ বড়োফা নগৰত থকা বিটিচি সচিবালয়তত বিটিচি উপ-মুখ্য আৰু শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে ৰাজ্যত অব্যাহত থকা নিম্ন মানদণ্ডৰ মধ্যাহ্ন ভোজন যোগান সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে ।বৰগয়াৰীয়ে উল্লেখ কৰে যে অসম চৰকাৰে মধ্যাহ্ন ভোজন ৰন্ধনক বেচৰকাৰী সংস্থা (NGO) হাতত গতাই দিয়াৰ কাৰ্যক বিটিছি প্ৰশাসনে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই । মধ্যাহ্ন ভোজনক লৈ উদ্ভৱ হোৱা পৰিস্থিতি অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে সদস্যগৰাকীয়ে ৷ তাৰোপৰি তেওঁ মধ্যাহ্ন বোজনৰ ব্যক্তিগতকৰণ সন্দৰ্ভত সংবাদগোষ্ঠীৰ পৰা সক্ৰিয় ভূমিকাৰ পোষকতা কৰে ৷

মধ্যাহ্ন ভোজন যোগান সন্দৰ্ভত বিটিচি শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীৰ সংবাদমেল

বৃহস্পতিবাৰে ধেমাজিতো জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৰন্ধন কৰ্মীসকলে ৷ জিলাখনৰ শতাধিক প্ৰতিবাদীয়ে হাতে হাতে প্লে কাৰ্ড , কাহী বাতি লৈ এন জি অ গ বেক , শিক্ষা মন্ত্ৰী হায় হায় , ৰন্ধন কৰ্মী সকলক কৰা নিৰ্যাতন বন্ধ কৰক আদি শ্ল’গানেৰে কাৰ্য্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷

মধ্যাহ্ন ভোজন আঁচনিৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদত ধেমাজিত ৰন্ধন কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী

বৰপেটা জিলাৰ জাহোৰপাম হাইস্কুলৰ লগতে জনীয়া অঞ্চলৰ বিদ্যালয়সমূহতো নিম্ন মানদণ্ডৰ মধ্যাহ্ন ভোজন সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত ব্যাপক অসন্তোষ পৰিলক্ষিত হয় ৷ জনীয়াৰ জাহোৰপাম হাইস্কুলত এন জি অ'ই যোগান ধৰা ভাত আৰু দালি অতি দুৰ্গন্ধময় আৰু দালিত পোক ওলোৱা বুলি অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীসকলে । যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে খাদ্য গ্ৰহণ নকৰি এন জি অ'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । অভিভাৱক সকলে খাদ্যৰ নামত ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে অখাদ্য খোৱাইছে বুলি অভিযোগ উত্থাপন কৰে । লগতে যেতিয়ালৈকে কণ কণ ছাত্ৰ ছাত্ৰীসকলক খোৱাৰ উপযোগী খাদ্য যোগান নধৰে তেতিয়ালৈকে খাদ্য গ্ৰহণ নকৰে বুলি উল্লেখ কৰে । ছাত্ৰ-ছাত্ৰীয়ে এই খাদ্য গ্ৰহণ কৰি বিভিন্ন ধৰণৰ বেমাৰৰ আশংকাত ভোগা পৰিলক্ষিত হৈছে ।

জনীয়াৰ জাহোৰপাম হাইস্কুলত এন জি অ'ই যোগান ধৰা নিম্ন মানদণ্ডৰ মধ্যাহ্ন ভোজন সন্দৰ্ভত ছাত্ৰৰ প্ৰতিক্ৰিয়া

ৰাজ্য চৰকাৰে বিদ্যালয়ৰ ৰান্ধনীৰ পৰিবৰ্তে একাংশ বহিৰাগত এনজিঅ'ক মধ্যহ্ন ভোজনৰ দায়িত্ব দিয়াৰ পিছৰ পৰাই উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য । কণ কণ ছাত্ৰ ছাত্ৰীক দুপৰীয়াৰ আহাৰ যোগানৰ দায়িত্ব লাভ কৰা এনজিঅই ১ নৱেম্বৰৰ পৰা যোগান ধৰি অহা নিম্ন মানৰ খাদ্যক লৈ অব্যাহত আছে ক্ষোভ প্ৰতিবাদ । একে অভিযোগ উত্থাপিত হৈছে নগাওঁ জিলাৰ মধ্যহ্ন ভোজনৰ দায়িত্ব লাভ কৰা মুনলাইট এন জি অ ৰ বিৰুদ্ধেও। বিগত কেইদিনত অতি নিম্ন মানৰ খাদ্য যোগান ধৰি অহা মুনলাইট এন জি অই বৃহস্পতিবাৰে যোগান ধৰা মধ্যাহ্ন ভোজনৰ মানদণ্ড অতি নিম্নখাপৰ আছিল বুলি ই টি ভিৰ সাংবাদিকৰ আগত নগাঁৱৰ কিৰণবালা বালিকা বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে অভিযোগ উত্থাপন কৰে ৷

মধ্যাহ্ন ভোজনৰ মানদণ্ডৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত নগাঁৱৰ কিৰণবালা বালিকা বিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ

আৰু পঢ়কশিক্ষামন্ত্ৰীক সকিয়নী আমছুৰ

ABOUT THE AUTHOR

...view details