কলগাছিয়া,22 এপ্ৰিল:পৰীক্ষা বাতিলৰ দাবীত আন্দোলনত নামিল কলগাছিয়াৰ একাংশ পৰীক্ষাৰ্থী । ক’ভিড প্রট’কলৰ বাবে চিবিএছইৰ পৰীক্ষা বাতিল হ’ব পাৰে যদি ৰাজ্যিক ব’ৰ্ডৰ পৰীক্ষা কিয় বাতিল নহ’ব বুলি প্ৰশ্ন কৰি আন্দোলনত নামে একাংশ পৰীক্ষাৰ্থী ।
উল্লেখযোগ্য যে, বৃহস্পতিবাৰে পৰীক্ষাৰ্থীসকলে কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ডৰ চৌহদৰ পৰা পৰীক্ষা বাতিল কৰক, অসম চৰকাৰ হায় হায় আদি শ্লোগানযুক্ত প্লে-কাৰ্ড হাতে হাতে লৈ ৰাজপথত সমদল কৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ত সমবেত হয় ।