বৰপেটা ২, জুন : বৰপেটা জিলাৰ বনিয়াকুছিত সৰুক্ষেত্ৰী ওজাপালি শিল্পী সমাজৰ প্ৰতিবাদ । লক ডাউনৰ ফলত আৰ্থিক সংকটত পৰাৰ বাবে চৰকাৰৰ পৰা বিভিন্ন সহায়ৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে সৰুক্ষেত্ৰী ওজাপালি শিল্পী সমাজে ৷ উল্লেখ্য যে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যত চলি থকা লক ডাউনৰ বাবে ওজাপালি শিল্পীসকলে পৰিৱেশন কৰিব পৰা নাই ওজাপালি । যাৰ ফলত ভীষণ অৰ্থ সংকটত পৰিছে ওজাপালি শিল্পীসকল ৷ অৱশেষত উপায়হীন হৈ চৰকাৰৰ পৰা সহায়ৰ দাবীৰে ৰাজপথত ওজাপালি পৰিৱেশন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ওজাপালি শিল্পীসকলে ।
বৰপেটাৰ বনিয়াকুছিত ওজাপালি শিল্পী সমাজৰ প্ৰতিবাদ - Protest by Ojapali artist at Baniyakuchi of Barpeta
লক ডাউনৰ ফলত আৰ্থিক সংকটত পৰাৰ বাবে চৰকাৰৰ পৰা বিভিন্ন সহায়ৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰিছে সৰুক্ষেত্ৰী ওজাপালি শিল্পী সমাজে ৷
![বৰপেটাৰ বনিয়াকুছিত ওজাপালি শিল্পী সমাজৰ প্ৰতিবাদ Protest by Ojapali artist at Baniyakuchi of Barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7442815-780-7442815-1591085744763.jpg)
বৰপেটাৰ বনিয়াকুছিত ওজাপালি শিল্পী সমাজৰ প্ৰতিবাদ
বৰপেটাৰ বনিয়াকুছিত ওজাপালি শিল্পী সমাজৰ প্ৰতিবাদ
উল্লেখ্য যে, ওজাপালি শিল্পীসকলক মাহে 7,500 টকাকৈ ছমাহৰ বাবে যোগান ধৰা,জ্যেষ্ঠ শিল্পীসকলক শিল্পী পেঞ্চন আৰু বৃদ্ধ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা, নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাকে ধৰি বিভিন্ন দাবীৰে সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সৰুক্ষেত্ৰী ওজাপালি শিল্পী সমাজে ৷
লগতে পঢ়কঃ আই আই টি গুৱাহাটীত ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিবাদী সভা