অসম

assam

ETV Bharat / state

কলগাছিয়াত কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতীকি প্ৰতিবাদ - Big dam

বিশ্ব পৰিৱেশ দিৱসৰ দিনাই কলগাছিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি বাতিল কৰাকে আদি কৰি বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই সংগঠন দুটাই ।

protest-by-kmss-at-barpeta-kalgacia-etv bharat news
কলগাছিয়াত কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতীকি প্ৰতিবাদ

By

Published : Jun 5, 2020, 10:01 PM IST

কলগাছিয়া, ৫ জুন :বিশ্ব পৰিৱেশ দিৱসৰ দিনাই কলগাছিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কলগাছিয়া শাখাই যুটীয়াভাৱে ভূপেন হাজৰিকা ৰংগমঞ্চ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

কলগাছিয়াত কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতীকি প্ৰতিবাদ

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সংগঠন দুটাৰ সদস্য সকলে সামাজিক দুৰত্ব বৰ্তাই দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ অনুমতি বাতিল কৰা,বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ কৰক,ডিব্ৰু ছৈখোৱা ৰক্ষা কৰক আৰু বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি প্ৰদান কৰি সমস্যা সমাধানৰ দাবী সম্বলিত প্লে'কাৰ্ড লৈ প্ৰতীকি প্ৰতিবাদ সাব্যস্ত কৰে ।

কলগাছিয়াত কৃষক মুক্তি-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতীকি প্ৰতিবাদ

অনতিপলমে উক্ত সমস্যা সমূহ সমাধান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠন দুটাই ।

লগতে পঢ়ক : জাজৰিকাণ্ডৰ অভিযুক্ত দুই আৰক্ষীক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

ABOUT THE AUTHOR

...view details