জনীয়া, 15 জুলাই : ক'ভিড-19 আৰু বানপানীৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে বুধবাৰে বৰপেটা জিলাৰ কলগাছিয়াত একাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক নেতা অখিল গগৈ সহ 'কা' বিৰোধী কাৰাবন্দী নেতাসকলক বিনাচৰ্তে মুক্তি প্ৰদান আৰু উপযুক্ত চিকিৎসাৰ দাবীত কলগাছিয়া মহকুমাত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ আহ্বানত কলগাছিয়াত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে ৷
এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰি ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে অভিযোগ উত্থাপন কৰি কয় যে, চৰকাৰে ইচ্ছাকৃতভাৱে অৱহেলা আৰু ষড়যন্ত্ৰ কৰি অখিল গগৈৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাই হত্যাৰ কৰাৰ চেষ্টা কৰিছে ৷ এতিয়া চিকিৎসাৰ বাবে বিশেষজ্ঞ সমিতি গঠন কৰি দায়িত্ব সঠিকভাৱে পালন কৰাৰ ভাও জুৰি ৰাইজক আভুৱা ভাৰিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে । কৃষক নেতা অখিল গগৈ ৰাজনৈতিক আক্ৰোশৰ বলি হৈছে বুলি কোৱাৰ লগতে অতি শীঘ্ৰে অখিল গগৈৰ উপযুক্ত চিকিৎসা আৰু অখিল গগৈ সহ 'কা' বিৰোধী সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।