বৰপেটা, ৮ জানুৱাৰীঃ APDCLত কৰ্মৰত মিটাৰ ৰিডাৰ আৰু বিল ক্লাৰ্ক পদৰ অস্থায়ী কৰ্মচাৰীসকলে চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত চৰকাৰে গা এৰা মনোবৃত্তি গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ প্ৰায় ৮ মাহ পূৰ্বেই চৰকাৰে পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও আজি পৰ্যন্ত ফলাফল ঘোষণা কৰা নাই ৷ চৰকাৰে বঞ্চনা কৰাৰ প্ৰতিবাদত অৱশেষত অসহযোগ আন্দোলন আৰম্ভ কৰিছে কৰ্মচাৰীসকলে ৷ যোৱা দুই জানুৱাৰীৰ পৰা APDCLৰ অন্তৰ্গত ৰাজ্যৰ ১৫৮ টা উপ-সংমণ্ডলত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলে অসহযোগ আন্দোলন চলাই আহিছে ৷
APDCL ৰ মিটাৰ ৰিডাৰ আৰু বিল ক্লাৰ্ক সন্থাৰ প্ৰতিবাদ - Protest by APDCL's meter reader and bill clerk association
এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিলে APDCLৰ মিটাৰ ৰিডাৰ আৰু বিল ক্লাৰ্ক সন্থাই ৷ চাকৰি নিয়মীয়াকৰণৰ দাবীত অস্থায়ী কৰ্মচাৰীসকলৰ প্ৰতিবাদ ৷
APDCL ৰ মিটাৰ ৰিডাৰ আৰু বিল ক্লাৰ্ক সন্থাৰ প্ৰতিবাদ
অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন নকৰিলে অচিৰেই আমৰন অনশন কাৰ্যসূচী ৰূপায়ন কৰিব বুলিও হুংকাৰ দিয়ে সদৌ অসম মিটাৰ ৰিডাৰ আৰু বিল ক্লাৰ্ক অস্থায়ী কৰ্মচাৰী সন্থাই ৷ ইপিনে অস্থায়ী কৰ্মচাৰীসকলৰ অসহযোগৰ ফলত গ্ৰাহকৰ মিটাৰ ৰিডিং, বিল প্ৰদান আদি কাম-কাজ স্থগিত হৈ পৰাত ৰাজহ সংগ্ৰহত বাধাৰ সৃষ্টি হৈছে ৷
আৰু পঢ়ক : 2018ৰ তুলনাত 2019ত শোণিতপুৰত হ্ৰাস পথ দুৰ্ঘটনাৰ ঘটনা