বৰপেটাৰোড 22 ফেব্ৰুৱাৰীঃ শনিবাৰে সন্ধিয়া ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ বৰপেটাৰোডৰ বাসগৃহ ঘেৰাও কৰে শ শ মহিলাৰ লগতে গাঁওবাসীয়ে ৷ বৰপেটাৰোডৰ আঠিয়াবাৰী গাঁৱৰ হেবা,বিশ্বজিৎ, বৰুণ নামৰ যুৱক কেইজনে আঠিয়াবাৰী গাৱত সন্ত্ৰাস সৃষ্টি কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈছে৷ যুৱক কেইজনে আঠিয়াবাৰী গাঁৱৰে কৰোবাক যদি দাৰে কাটি ভয় ভাবুকি দি টকা পইচা কাঢ়ি নিয়ে কেন্তে আন কাৰোবাক ধন নিদিলে হত্যা কৰাৰ ভাবুকি দি আহিছে বুলিও যুৱক কেইজনৰ বিৰুদ্ধে অভিযোগ তুলিছে গাঁৱৰ মহিলাৰ লগতে স্থানীয় ৰাইজে ৷ ইয়াৰোপৰি স্কুলীয়া ছাত্ৰীকো বাট আগচি ধৰি উক্ত যুৱক কেইজনে অশালীন ব্যৱহাৰ কৰা বুলিও স্থানীয় মহিলাই অভিযোগ উত্থাপন কৰে যুৱক কেইজনৰ বিৰুদ্ধে৷ আঠিয়াবাৰী গাঁৱত পূৰ্বৰে পৰাই বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগত জড়িত থকাৰ উপৰিও সন্ত্ৰাসৰ সৃষ্টি কৰি অস্থিৰ কৰি অহা লম্পট যুৱক কেইজনৰ বিৰুদ্ধে স্থানীয় মহিলা সকলে বাক্সাৰ শিমলাগুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰক্ষীয়ে অপৰাধীক কৰায়ত্ত কৰিবলৈ সাহস গোটাব নোৱাৰাৰ বাবে ক্ষোভিত হৈ পৰিছে গাঁওবাসী৷ ফলত আৰক্ষীৰ ভৰসা এৰি অপৰাধীক কৰায়ত্ত কৰিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ ঘৰ ঘেৰাও কৰি দুস্কৃতিকাৰী যুৱক কেইজনক গ্ৰেপ্তাৰ কৰক , আমাক ন্যায় লাগে ন্যায় দিয়ক , আদি শ্ল'গান দি উত্তাল কৰি তোলে আঠিয়াবাৰী সমগ্ৰ পৰিৱেশ ৷
বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ বাসগৃহ ঘেৰাও স্থানীয় মহিলাৰ
বৰপেটাৰোডৰ আঠিয়াবাৰী গাঁৱত সন্ত্ৰাস সৃষ্টি কৰা অপৰাধীক কৰায়ত্ত কৰাৰ দাবীত শনিবাৰে ৰণজিৎ কুমাৰ দাসৰ বাসগৃহ ঘেৰাও কৰে স্থানীয় মহিলা তথা গাঁওৱাসীয়ে ৷
বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ বাসগৃহ ঘেৰাও মহিলাৰ
উল্লেখ্য যে, আঠিয়াবাৰী গাঁৱৰ সন্ত্ৰাসী যুৱক কেইজনৰ বিৰুদ্ধে পূৰ্বেও বহু কেইটা দাগী অপৰাধী হিচাপে আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে যদিও আৰক্ষীয়ে ৰহস্যজনকভাৱে এই লম্পট কেইগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ তুলিছে স্থানীয় মহিলাসকলে ৷