অসম

assam

ETV Bharat / state

সাংবাদিকৰ অৱস্থান ধৰ্মঘট, লাগে নিৰাপত্তা

শেহতীয়া কৈ সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট বৰপেটাৰোড প্ৰেছ ক্লাৱৰ ৷ চৰকাৰক সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী ৷

সাংবাদিকৰ অৱস্থান ধৰ্মঘট

By

Published : Apr 29, 2019, 5:56 PM IST

বৰপেটা, ২৯ এপ্ৰিলঃ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকা, তিনিচুকীয়াৰ সাংবাদিক উপাসনা বৰুৱা আৰু যোৰহাটৰ সাংবাদিক ৰাজীৱ বৰাক দুবৃত্তই কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে বৰপেটাৰোড প্ৰেছ ক্লাৱে ৷ লগতে চৰকাৰক সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা লোকক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান আৰু সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায় প্ৰেছ ক্লাৱৰ বিষয়ববীয়াই ৷

সাংবাদিকৰ অৱস্থান ধৰ্মঘট

ইয়াৰ ওপৰি সংবাদ মাধ্যমৰ বাক স্বাধীনতাত যাতে কোনেও হস্তক্ষেপ নকৰে তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা, সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰা, সাংবাদিকৰ প্ৰতি ভাবুকি প্ৰদান বন্ধ কৰা, অসামাজিক আচৰণ বন্ধ কৰা, শাৰীৰিক নির্যাতন চলোৱা ব্যক্তিৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আইনী প্ৰৱৰ্তন কৰা, সাংবাদিক ৰাজীৱ বৰা, ৰাজেন ডেকা আৰু উপসনা বৰুৱাক চিকিৎসাৰ লগতে আৰ্থিক ক্ষতিপূৰণ আদায় দিয়া, ৰাজ্যৰ প্ৰতিগৰাকী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক জীৱন বীমা, স্বাস্থ্য বীমা কৰাৰ ব্যৱস্থা কৰা আদি দাবী সম্বলিত এখন স্মাৰক পত্ৰ বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়কঃ যৌতুকৰ নামত শিৱসাগৰত বোৱাৰী নিৰ্যাতন

ABOUT THE AUTHOR

...view details