অসম

assam

ETV Bharat / state

জলসিঞ্চন বিভাগৰ কাৰ্যালয় স্থানান্তৰৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট - ৰণজিৎ কুমাৰ দাস

পাঠশালাৰ পৰা জলসিঞ্চন বিভাগ(Irrigation Department)ৰ সংমণ্ডল সৰুপেটালৈ স্থানান্তৰ কৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ(Protest) ৷ এই সিদ্ধান্ত সলনি নকৰিলে আগন্তুক সময়ত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ আছু(AASU)-যুৱ ছাত্ৰ পৰিষদকে(AJYCP) ধৰি বহুকেইটা স্থানীয় সংগঠনৰ ৷

protest at pathsala
পাঠশালাত প্ৰতিবাদ

By

Published : Aug 17, 2021, 8:58 AM IST

পাঠশালা, 17 আগষ্ট : বজালী জিলাৰ পাঠশালাত প্ৰতিবাদ(Protest)ত নামিল আছু(AASU)-যুৱ ছাত্ৰ পৰিষদ(AJYCP)কে ধৰি বহুকেইটা স্থানীয় সংগঠন ৷ পাঠশালাৰ পৰা জলসিঞ্চন বিভাগৰ কাৰ্যালয় স্থানান্তৰ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনকেইটাই ৷

নৱগঠিত বজালী জিলা(Bajali District)ৰ সদৰ পাঠশালাৰ পৰা জলসিঞ্চন বিভাগৰ সংমণ্ডল সৰুপেটালৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ জলসিঞ্চন বিভাগে(Irrigation Department) ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দল-সংগঠন ৷ প্ৰতিবাদৰ জৰিয়তে মন্ত্ৰী তথা পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস(Ranjeet Kumar Das)ক সকীয়নি প্ৰদান কৰে সংগঠনকেইটাই ৷

পাঠশালাত প্ৰতিবাদ

লগতে পঢ়ক :APSC কেলেংকাৰী : পুনৰ পাঁচগৰাকী বিষয়ালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

চৰকাৰে এই সিদ্ধান্ত সলনি নকৰিলে পৰৱৰ্তী সময়ত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে সংগঠনকেইটাই ৷ লগতে, কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ককৰ্থনা কৰি কয় যে, তেওঁৰ অকৰ্মণ্যতা আৰু নিমাত স্বভাৱৰ বাবে চৰকাৰে এই কাৰ্যালয় পাটাছাৰকুছি সমষ্টিৰ পৰা অন্য সমষ্টিলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত সাব্যস্ত কৰা প্ৰতিবাদত অংশগ্ৰহণ কৰে আছু, যুৱ ছাত্ৰ পৰিষদ, পাঠশালা চেম্বাৰ্ছ অৱ কমাৰ্চ, পাঠশালা সাংস্কৃতিক সংঘ আৰু ৰিক্সা-ঠেলাচালক সন্থাই ৷

লগতে পঢ়ক :চিয়াং নদীৰ বাঢ়নী পানীত ককবকাইছে কুৰিৰো অধিক পৰিয়ালে

ABOUT THE AUTHOR

...view details