বৰপেটা, ১৬ নৱেম্বৰ:পুনৰ ৰাফেল বিমানৰ প্ৰসংগত সৰৱ হৈ পৰিছে বিজেপি দল ৷ সেয়ে শনিবাৰে বৰপেটাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয় ৷ কংগ্ৰেছে ৰাফেল সন্দৰ্ভত কৰা অপপ্ৰচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনায় দলটোৱে ৷ প্ৰতিবাদী সমদলটো বিজেপিৰ কাৰ্যালয়ৰ পৰা বৰপেটা চহৰৰ মাজেৰে গৈ ৰাজীৱ ভৱনৰ সন্মুখত ধৰ্ণা দিয়ে ৷ প্ৰতিবাদস্থলীত ৰাজ্যিক সভাপতি গৰাকীয়ে ৰাফেল সন্দৰ্ভত চমু ভাষণ প্ৰদান কৰে ৷ ৰাহুল গান্ধীৰ যদি তিলমানো লজ্জাবোধ আছে, তেন্তে ক্ষমা খুজিবলৈ দাবী জনায় সভাপতি দাসে ৷ লগতে ৰাফেলক লৈ কংগ্ৰেছে দেশৰ জোৱানসকলক অপমান কৰা বুলিও তেওঁ মন্তব্য কৰে ৷
ৰাজপথত প্ৰতিবাদত কিয় নামিল বিজেপি সভাপতি! - কেব
বৰপেটাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়,কংগ্ৰেছে ৰাফেল সন্দৰ্ভত কৰা অপপ্ৰচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনায় দলটোৱে,উল্লেখযোগ্য যে, ৰাফেল যুদ্ধ বিমান ক্ৰয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দুদিন পূৰ্বে ৰায়দান কৰিছিল ৷
ইপিনে কেব সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন, এৰাই চলিবলৈ চেষ্টা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷ সংসদত কেব উত্থাপন হোৱাৰ পিছতহে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি দাসে মন্তব্য আগবঢ়ায় ৷ আনহাতে, কেব খিলঞ্জীয়া বিৰোধী হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰণজিৎ দাসে 'মই হাইপ'থেটিকেল কথাত বিশ্বাস নকৰো' বুলি মতামত প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে, ৰাফেল যুদ্ধ বিমান ক্ৰয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দুদিন পূৰ্বে ৰায়দান কৰিছিল ৷
লগতে চাওক:শিৱসাগৰত ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস'