জনীয়া,২৩ জুন: কি উজনি কি নামনি সমগ্ৰ অসমতে বানপানীৰ বিভীষিকাই সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভোগাইছে(Assam flood 2022) । বেঁকী নৈৰ পানী কিছু পৰিমানে কমিছে যদিও বৰপেটা জিলাৰ জনীয়া সমষ্টিত হাজাৰ হাজাৰ লোক এতিয়াও জলবন্দী । ঘৰৰ মুধচলৈকে পানী উঠাত বিভিন্ন ঠাইত আবদ্ধ হৈ আছে প্ৰতিটো পৰিয়ালৰ কণ-কণ ল'ৰা-ছোৱালীৰ সৈতে পশুধনো ।
যদিও বন্যাৰ্তই ওখ ঠাই নাইবা পথত শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰিছে কিন্তু শিবিৰে শিবিৰে আশ্ৰয় গ্ৰহণ কৰা বন্যাৰ্তৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে(Food crisis in flood camp) । শৌচাগাৰ, বিশুদ্ধ খোৱাপানী,স্বাস্থ্য সেৱা আদিৰ ব্যৱস্থা নথকা শিবিৰসমূহত দেখা দিছে বেমাৰ আজাৰে । কিন্তু এই সমস্যা সমূহৰ প্ৰতি বৰপেটা জিলা প্ৰশাসনৰ তথা জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ।