জনীয়াত কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰতিবাদ
বেঁকী নদীৰ পানীয়ে প্লাৱিত কৰিছে কাউৰজাহী,কাচুকাটি,সুতিৰপাথাৰ,মোৱামাৰী গাঁও ৷ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে প্ৰতিবাদ ৷ চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে ক্ষুদ্ধ জনতা
জনীয়া,13 জুলাই : জনীয়াত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ। মন্ত্ৰী মহন্তৰ প্ৰতিকৃতি কলগছৰ ভুৰত উটুৱাই দি প্ৰতিবাদ জনালে ক্ষুদ্ধ বানাক্ৰান্তই । বান সাহাৰ্যৰ দাবীত সাব্যস্ত এই প্ৰতিবাদী কাৰ্যসূচী। যোৱা চাৰি-পাঁচ দিন ধৰি বেঁকী নদীৰ পানীয়ে প্লাৱিত কৰিছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহী,কাচুকাটি,সুতিৰপাথাৰ,মোৱামাৰীকে আদি কৰি অৰ্ধশতাধিক গাঁও ৷ পানীৰ তলত বুৰ গৈ থকাৰ পিছতো চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ আজি কাউৰজাহীৰ বন্যাৰ্তই প্ৰতিবাদ সাব্যস্ত কৰে ।