জনীয়া, 8 আগষ্ট:জেৰিফা হত্যাকাণ্ডই তোলপাৰ লগাইছে জনীয়াৰ বাণীয়াৰাপাৰা-গৰৈমাৰী অঞ্চল (Jerifa Murder Case)৷ জেৰিফাক হত্যা কৰা চাৰি হত্যাকাৰীক অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী উত্থাপন কৰি বাণীয়াৰাপাৰা-গৰৈমাৰী অঞ্চলৰ তিনিখন শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন দল-সংগঠনৰ দুই সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ধৰণৰ শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে (Protest Against Jerifa Murder) ৷
যোৱা 4 আগষ্টত জনীয়াৰ বাংলীপাৰাত জেৰিফা খাতুন নামৰ এগৰাকী মহিলাৰ মৃতদেহ চিপ লৈ অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ ইয়াৰ পিছতে জেৰিফাৰ সম্বন্ধীয় ককায়েকে ফাদিল কৰিছিল ঘটনাৰ আঁৰৰ ৰহস্য ৷ ভাই বোৱাৰীয়েকৰ সৈতে সম্পৰ্ক থকাৰ কাৰণেই পত্নীক হত্যা কৰি ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল স্বামীৰ পৰিয়ালৰ লোকে (suspected murder case at Jania) ৷
বাংলীপাৰা গাঁৱৰ মীৰ ৰৌশন আলীৰ পুত্ৰ বাহাৰুল ইছলামৰ (36) সৈতে কুমুল্লীপাৰা গাঁৱৰ জলিলুৰ ৰহমানৰ কন্যা জেৰিফা খাতুনে (19) প্ৰায় 7 মাহৰ পূৰ্বে সামাজিক ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল (Husband killed wife) ৷ বিয়াৰ পিছতেই জেৰিফাৰ স্বামী বাহাৰুলৰ আৰু তেওঁৰ ভাই বোৱাৰীৰ সৈতে থকা অবৈধ সম্পৰ্ক থকা কথা প্ৰত্যক্ষ কৰে (Extra Marital Affair) ৷ এই বিষয়তে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটিছিল ৷ এই কথা জেৰিফাই নিজ আত্মীয়ক অৱগত কৰিছিল ৷
ইয়াৰ পিছতে জেৰিফাৰ পিতৃ গৃহৰ লোকে বাহাৰুলৰ ঘৰলৈ আহি দুয়োৰে মাজৰ সমস্যাৰ মীমাংসা কৰি দিছিল ৷ কিন্তু মীমাংসা কৰাৰ দুদিনৰ পিছতেই জেৰিফাই চিপ লৈ আত্মহত্যা কৰি বুলি পিতৃ জলিলুৰ ৰহমানক খবৰ দিয়ে স্বামীৰ পৰিয়ালে ৷