বৰপেটা,১৩ মে': ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত নাম অন্তৰ্ভুক্ত হোৱা লাখ লাখ ভাৰতীয় লোকৰ বিৰুদ্ধে একাংশ লোকে ভুৱা আপত্তি দাখিল কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে আজি প্ৰতিবাদত চামিল হ'ল ৰাজ্যৰ কেবাগৰাকীও শিক্ষাবিদ,বুদ্ধিজীৱি,প্ৰশাসনীয় সেৱাৰ প্ৰাক্তন বিষয়া ৷ বৰপেটাত আজি ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ'ছাইটিৰ উদ্যোগত বিশিষ্ট নাগৰিক সমাজে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এন আৰ চিৰ নামত হোৱা হাৰাশাস্তি বন্ধৰ দাবী জনায় ৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে একাংশ লোকে দাখিল কৰা ভুৱা আপত্তিসমূহ নিস্পত্তিকৰণৰ ক্ষেত্ৰত এন আৰ চি কতৃপক্ষই অসত্য আৰু মনেসজা অভিযোগসমূহ বাতিলৰো দাবী জনায় ৷
এন আৰ চিৰ আপত্তি দাখিলৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বাবে প্ৰতিবাদ - ভাৰতীয়
এন আৰ চিৰ আপত্তি দাখিলৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি ৷ বৰপেটাত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ বুদ্ধিজীৱি,শিক্ষাবিদ,আই এ এছ বিষয়াকে ধৰি ৰাজ্যৰ বিশিষ্ঠ নাগৰিক সমাজ ৷
লগতে পঢ়ক: চিলাপথাৰ নহয়,এইবাৰ ঘটনাৰ স্থান বাসুগাঁও !
ভুৱা আপত্তি দাখিলেৰে নাগৰিকপঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে নস্যাৎ কৰাৰ বাবে একাংশই চেষ্টা চলোৱা বুলিও অভিযোগ তোলে বিশিষ্ট শিক্ষাবিদ ড0 আব্দুল মান্নানে ৷ 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে অহা প্ৰতিজন লোকৰ নাম সন্নিৱিষ্ট কৰি বিদেশীৰ নাম মুক্ত এন আৰ চি এখন প্ৰস্তুতৰ দাবী জনায় ৷ এক দীঘলীয়া প্ৰক্ৰিয়া আৰু বহু পৰীক্ষা নিৰীক্ষাৰ মাজেৰে এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত হোৱা লোকসকলৰ বিৰুদ্ধে পুনৰ আপত্তি দাখিল কৰা কথাৰ বিৰোধিতা কৰি ভুৱা আপত্তিকাৰীৰ আপত্তিসমূহ বাতিল কৰাৰ দাবী জনায় ৷