অসম

assam

ETV Bharat / state

Protest against ED questions to Sonia: বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - ED summons Sonia Gandhi

ই ডিৰ কাৰ্যালয়ত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী (Sonia Gandhi৷ in ED)৷ তেওঁক জেৰা কৰাৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Protest against ED questions to Sonia Gandi) ৷

congress protest in Barpeta
বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

By

Published : Jul 22, 2022, 8:14 PM IST

বৰপেটা, 22 জুলাই :যোৱা 21 জুলাইত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীয়ে নেচনেল হেৰাল্ড গোচৰৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ই ডি) কাৰ্যালয়ত হাজিৰ হয় (Sonia Gandhi৷ in ED) শেহতীয়াকৈ ক'ভিডৰ পৰা আৰোগ্য লাভ কৰা গান্ধীক ই ডিয়ে প্ৰায় দুঘণ্টা জেৰা কৰে (ED interrogates Sonia Gandhi)৷ পিছত তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গান্ধীৰ অনুৰোধ মৰ্মে জেৰা স্থগিত ৰাখে ই ডিয়ে (Money laundering case against Sonia Gandhi) ৷

বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ইয়াৰ পিছতে তেওঁক জেৰা কৰাৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ নেতা কৰ্মীসকলে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো কংগ্ৰেছে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Congress protest in Barpeta ) ৷ বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ আৰু বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলামৰ নেতৃত্বত ৰাজীৱ ভৱনৰ পৰা সমদল উলিয়াই বিজেপি চৰকাৰৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি বৰপেটা চহৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বিধায়কগৰাকীয়ে ক্ষোভ উজাৰি কয়, "বিজেপিয়ে গোটেই দেশখন ধ্বংস কৰি পেলাইছে, ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠান বিক্ৰী কৰি পেলাইছে, কেৱল দেশখন এতিয়া বিক্ৰী কৰিবলৈ বাকী আছে ৷ সেইবাবে দেশবাসীৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ ছোনিয়া গান্ধীক এনেদৰে অবৰ্ণনীয়া অত্যাচাৰ চলাইছে ৷ এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো ৷ বিজেপিয়ে কংগ্ৰেছক নিঃশেষ কৰিবলৈ এইবোৰ কৰি ষড়ষন্ত্ৰ কৰিছে ৷"

উল্লেখ্য যে, ই ডিয়ে যোৱা মাহৰ 1 জুনত প্ৰথমবাৰৰ বাবে ছোনিয়া গান্ধীক কাৰ্যালয়ত হাজিৰ হ'বৰ বাবে মাতি পঠিয়াইছিল । পৰৱৰ্তী সময়ত সংস্থাটোৱে 8 জুন আৰু তাৰ পিছত 21 জুনত ছোনিয়া গান্ধীক চমন জাৰি কৰিছিল((ED summons Sonia Gandhi)) ৷ ইয়াৰ পিছতেই ক'ভিডত সংক্ৰমিত হোৱাৰ বাবে ছোনিয়া গান্ধীয়ে ই ডিৰ কাৰ্যালয়ত উপস্থিত হ'ব নোৱাৰিলে ৷ পৰৱৰ্তী সময়ত অহা সোমবাৰ অৰ্থাৎ 25 জুলাইত পুনৰ ই ডি কাৰ্যালয়ত জেৰাৰ বাবে উপস্থিত হ'ব লাগিব ছোনিয়া গান্ধী ৷

লগতে পঢ়ক:Money Laundering case : ২১ জুলাইত ই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ ছোনিয়া গান্ধীক

ABOUT THE AUTHOR

...view details