অসম

assam

ETV Bharat / state

Public meeting in barpeta: মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক গৃহ জিলাত প্ৰবেশ নিষিদ্ধৰ সকীয়নি - New districts in Assam

বৰপেটাৰ অংগক্ষত কৰি বৰপেটাৰোড, হাউলী, সৰভোগক বজালী জিলাত অন্তৰ্ভুক্তিৰ বিৰোধিতাৰে বৰপেটাত নাগৰিক সভা ৷ প্ৰয়োজনত বৰপেটাৰ সন্তান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক গৃহ জিলা বৰপেটাত প্ৰবেশ নিষিদ্ধৰ সকীয়নি নাগৰিক সমাজৰ ৷

Meeting of Civil Society in Barpeta
মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 2:05 PM IST

মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

বৰপেটা, ২৮ আগষ্ট:সমষ্টি পুনৰ নিৰ্ধাৰণত বৰপেটাৰ অংগক্ষত কৰি বৰপেটাৰোড, হাউলী, সৰভোগক বজালী জিলাত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ পিচতেই জাঙুৰ খাই উঠিছে জিলাখনৰ নাগৰিক সমাজ । বৰপেটাক অংগক্ষত কৰা কাৰ্যৰ বিৰুদ্ধে গুজৰি উঠিল বৰপেটা জিলাবাসী ৷ বৰপেটাৰোড, হাউলী আৰু সৰভোগক বজালী জিলাত অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰি নাগৰিক সমাজে অনুষ্ঠিত কৰিলে সভাৰ ৷ দেওবাৰে খিলঞ্জীয়া সুৰক্ষা বাহিনীৰ উদ্যোগত আয়োজন কৰা হয় নাগৰিক সভা ।

বৰপেটা প্ৰেছ ক্লাৱত অনুষ্ঠিত নাগৰিক সভাত ৰাইজে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । যদিহে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটাৰ অংগক্ষত কৰি বৰপেটাৰোড, হাউলী, সৰভোগক বজালী জিলাত অন্তৰ্ভুক্ত কৰা কাৰ্যৰ বিৰোধিতা নকৰে তেন্তে ৰাইজে তেওঁক বৰপেটাত প্ৰবেশ নিষিদ্ধ কৰাৰ সকীয়নি দিয়ে নাগৰিক সমাজে ৷ ৰাইজে কোনো কাৰণতেই বৰপেটাৰ অংগক্ষত কৰি বৰপেটাৰোড, হাউলী, সৰভোগক বজালী জিলাত অন্তৰ্ভুক্ত কৰিবলৈ নিদিয়ে বুলি সকীয়াই দিছে ।

ৰাজ্যিক কেবিনেটে বিশ্বনাথ,হোজাই,তামুলপুৰৰ লগতে নতুনকৈ ঘোষণা কৰিছে বজালী জিলা ৷ পিচে বৰপেটা জিলাবাসীৰ ভাবাৱেগত আঘাত হানি বৰপেটাৰোড, হাউলী, সৰভোগক বজালী জিলাত অন্তৰ্ভুক্তিক সহজভাৱে ল’ব পৰা নাই বৰপেটাবাসীয়ে ৷ ফলত দেওবাৰে এনেদৰে নাগৰিক সভাৰ জৰিয়তে চৰকাৰৰ সিদ্ধান্ত সলনিৰ দাবী নাগৰিক সমাজৰ ৷

লগতে পঢ়ক:Jayant Mahapatra : শোষিত-নিষ্পেষিতৰ সবল কণ্ঠ কবি জয়ন্ত মহাপাত্ৰৰ মৃত্যু, সান্নিধ্য সুঁৱৰি ম্ৰিয়মান অসমৰ কবি

নাগৰিক সভাৰ সিদ্ধান্ত অনুসৰি বৰপেটাৰোড, হাউলী,সৰভোগৰ ৰাইজৰ সহযোগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক স্মাৰকপত্ৰ প্ৰদান কৰি বৰপেটাক অংগক্ষত নকৰিবলৈ দাবী জনাব জিলাবাসীয়ে ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাবাসীৰ ভাবাৱেগক সন্মান জনাই জিলাখনৰ অংগক্ষত কাৰ্যৰ সিদ্ধান্ত সলনি নকৰিলে জিলাখনৰ সকলো দল-সংগঠনৰ সহযোগত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিছে নাগৰিক সমাজে ৷

লগতে পঢ়ক:Union Minister Amit Shah: কংগ্ৰেছ 4 জি, কিন্তু বিজেপি 5 জি নেকি ! কি ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

ABOUT THE AUTHOR

...view details