অসম

assam

ETV Bharat / state

কেবৰ বিৰুদ্ধে বৰপেটা পলিটেকনিকৰ ছাত্ৰৰ প্ৰতিবাদ - Protest against CAB by Barpeta Polytechnic students

কেবৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা পলিটেকনিক ইনষ্টিটিউটৰ ছাত্ৰ-ছা্ত্ৰীয়ে ৷ মুঠ ৫৪০ গৰাকী ছাত্ৰই প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষা বৰ্জন কৰে ৷

পৰীক্ষা বৰ্জন
বৰপেটা পলিটেকনিকৰ ছাত্ৰৰ প্ৰতিবাদ

By

Published : Dec 11, 2019, 1:29 PM IST

বৰপেটা, 11 ডিচেম্বৰ : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৰপেটা পলিটেকনিক ইনষ্টিটিউটেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইনষ্টিটিউটৰ মুঠ ৫৪০ গৰাকী ছাত্ৰই প্ৰথম, তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ পৰীক্ষা বৰ্জন কৰি বিধেয়ক বাতিলৰ দাবী জনায় ৷ ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ এটা বছৰ ক্ষতি হোৱাৰো সম্ভাৱনা আছে ৷

ছাত্ৰীৰ প্ৰতিবাদ

বৰপেটা পলিটেকনিক ইনষ্টিটিউটৰ ছাত্ৰ একতা সভাৰ সম্পাদকে জানিবলৈ দিয়া অনুসৰি, সমগ্ৰ ৰাজ্যৰ 21 খন পলিটেকনিকৰ ছাত্ৰই পৰীক্ষা বৰ্জন কৰিছে ৷ জাতিতকৈ পৰীক্ষা ডাঙৰ নহয় বুলি মন্তব্য কৰি সম্পাদকগৰাকীয়ে কয় যে,নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে ইয়াতকৈয়ো ভয়াৱহ সিদ্ধান্ত ল'বলৈ সাজু আছে ছাত্ৰ-ছাত্ৰীসকল ৷

বৰপেটা পলিটেকনিকৰ ছাত্ৰৰ প্ৰতিবাদ

আৰু পঢ়ক : মাজনিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক ঘেৰাও ছাত্ৰ-ছাত্ৰীৰ

ABOUT THE AUTHOR

...view details