বৰপেটা, 6 ডিচেম্বৰ: শিশুসকলে সন্মুখীন হোৱা সমস্যা আৰু শিশুৰ অধিকাৰ ভংগ সম্পৰ্কে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এক সজাগতা শিবিৰ(protection of child rights programme) ৷ ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য সচিব ৰূপালী বেনাৰ্জীৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ এটা দলৰ সহযোগত আয়োজন কৰা হয় এই সজাগতা শিবিৰ ৷ শিশুৰ অধিকাৰ সুৰক্ষা সম্পৰ্কে অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰে বৰপেটাৰ জিলা উপায়ুক্ত আয়ুস গৰ্গে (DC Aayush Garg) ৷
উল্লেখ্য যে, এই শিবিৰতে শিশুৰ অধিকাৰ ভংগ হোৱা কেবাটাও অভিযোগ সমাধান কৰে আয়োগে ৷ শিবিৰত অংশ গ্ৰহণ কিৰি জিলা উপায়ুক্ত আয়ুস গৰ্গে কয় যে, ‘‘শিশুৰ অধিকাৰ সুৰক্ষিত আৰু সুনিশ্চিত কৰাটো সমাজৰ প্ৰতিজন লোকৰ দায়িত্ব’’(Child right protection)৷ কোনো কাৰণত যদি শিশুৰ অধিকাৰ খৰ্ব হয় সেই অধিকাৰ প্ৰদানৰ বাবে শিশু অধিকাৰ সুৰক্ষা আয়োগে এনেকুৱা শিবিৰ অনুষ্ঠিত কৰি সজাগতা আৰু ন্যায় প্ৰদানৰ কাৰ্যপন্থা হাতত ল’ব বুলিও মন্তব্য কৰে জিলা উপায়ুক্ত গৰাকীয়ে ৷