বৰপেটা, ১৮ ছেপ্টেম্বৰঃ আৰ্চেনিকযুক্ত জিলা সমুহৰ ভিতৰত ৰাজ্যখনৰ ভিতৰতে বৰপেটা জিলা অন্যতম ৷ আৰ্চেনিকৰ প্ৰভাৱৰ বাবেই বৰপেটাত বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগৰ প্ৰাদূৰ্ভাৱ ৷ তথাপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত বৰপেটাবাসী ৷ উল্লেখ্য যে, বৰপেটাৰ গ্ৰামাঞ্চলৰ লোকসকলক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে স্থাপন কৰা হৈছিল 276 খন পানী যোগান আঁচনি ৷ পিছে এই আঁচনি সমূহৰ ভিতৰত কাগজে কলমে 143 খন আঁচনিহে চলি থকা বুলি জনাই বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷ জিলাখনত থকা পানীযোগান আঁচনিসমূহৰ ভিতৰত 133 খন আঁচনিয়েই বন্ধ হৈ আছে ৷
276খন পানী যোগান আঁচনিঃ বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত বৰপেটাবাসী - water supply
বৰপেটাৰ গ্ৰামাঞ্চলৰ লোকসকলক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে স্থাপন কৰা হৈছিল 276 খন পানী যোগান আঁচনি৷ পিছে এই আঁচনি সমূহৰ ভিতৰত কাগজে কলমে 143 খন আঁচনিহে চলি থকা বুলি জনাই বৰপেটাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে
আনহাতে, বৰপেটা পৌৰসভাৰ অধীনত আছে দুখনকৈ পানী যোগান আঁচনি ৷ এই পানীযোগান আঁচনি দুখন প্ৰায় ৫০ বছৰ পুৰণি ৷ বৰপেটা চহৰৰ দুয়োখন আঁচনিয়েই সম্প্ৰতি জৰাজীৰ্ণ ৷ ইয়াৰে এখন আঁচনি প্ৰায় দুবছৰ ধৰি বন্ধ হৈ থকাৰ বিপৰীতে আনখন আঁচনিও জোৰা-টাপলি মৰিহে চলি আছে ৷ মাহটোৰ আধাদিন এই আঁচনিখনৰ পানী যোগান বন্ধ হৈ থাকে ৷ যাৰ বাবে আৰ্চেনিকযুক্ত পানীৰে চলি আছে বৰপেটাৰ পানী যোগান ব্যৱস্থা৷ বৰপেটা জিলাত পানীযোগান আঁচনিৰ নামত চলি থকা এনে ভেকোঁভাওনা বন্ধৰ দাবী জনাইছে ৰাইজে ৷ ৰাজ্য চৰকাৰলৈ ৰাইজৰ এটাই আহ্বান বৰপেটা জিলাবাসীক দিয়ক এটুপি বিশুদ্ধ খোৱাপানী ৷